Assameseতেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদকতেল ডিপোত কৰ্মৰতহৈও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল মুনমী বৰা। লাগৰী খেলত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ সফলতাত উৎফুল্লিত সকলো।Jyotiprasad Sarma Jan 17, 2026 17:20 ISTতেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদক Photograph: (DY365)তেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদকৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত উজলিল মুনমী বৰাতেল ডিপোত কৰ্মৰতহৈও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল মুনমী বৰা। লাগৰী খেলত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ সফলতাত উৎফুল্লিত সকলো।Advertismentমনত উদ্যম আৰু সাহস থাকিলে সফলতাৰ বাট চমু হৈ পৰে সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে তেল ডিপোত কৰ্মৰত প্ৰতিভাৱান এগৰাকী যুৱতীয়ে। তেল ডিপোত কাম কৰি উপাৰ্জনৰ বাট মুকলি কৰা মুনমী বৰা উজলি উঠিল ৰাষ্ট্ৰীয় পৰ্যায়ত। শেহতীয়াকৈ তামিলনাডুৰ আমেট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা 11 Senior National lagori Sports Championshipsত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰে সোণৰ পদক। Also Read: দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়ডিব্ৰুগড়ৰ সাপেখাতী লখিমীপামৰ মিনেশ্বৰ বৰা আৰু প্ৰতিভা বৰাৰ কন্যা মুনমী বৰাই নিজৰ উপাৰ্জনৰ বাবে খোৱাঙৰ স্বৰ্ণ তেল ডিপোত কৰ্মৰত হৈ আছে যদিও নিজক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মুনমী বৰাৰ সৈতে অসম দলত চৰাইদেউ, বাক্সা, কামৰূপ, তামোলপুৰ, গুৱাহাটী আৰু বজালী জিলাৰ খেলুৱৈ অসম দলৰ হৈ অংশগ্ৰহণ কৰিছিল। স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকীৰ সফলতাত উৎফুল্লিত স্বৰ্ণ তেল ডিপোৰ আন কৰ্মচাৰী আৰু সতীৰ্থ সকল। খেলুৱৈগৰাকীৰ এই সফলতাৰ পাছতেই তেওঁৰ কৰ্মস্থানতে গামোচা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনায় উৎসাহিত কৰে অসংখ্যজনে।Also Read: পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰীউল্লেখযোগ্য যে, মুনমী বৰা পূৰ্বেও এথলেটিকিছ খেলত নিজৰ পাৰৰ্দশীতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ক্ৰীড়াৰ ক্ষেত্ৰত বিভিন্ন সময়ত খেলুৱৈক উৎসাহিত কৰা দেখা যায় যদিও এটা পেট্ৰ'ল ডিপোত কৰ্মৰত এইগৰাকী প্ৰতিভাৱান খেলুৱৈ এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ কোনো জনপ্ৰতিনিধিৰ চকুত পৰা নাই।AdvertismentAdvertisment Read the Next Article