Assameseপলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰী‘পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছে। বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই নিজেই হাংগামা কৰি থাকে। গতিকে তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব’। পলাশবাৰীত এইদৰেই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Jyotiprasad Sarma Jan 16, 2026 23:07 ISTপলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰী Photograph: (DY365)পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰী‘পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছে। বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই নিজেই হাংগামা কৰি থাকে। গতিকে তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব’। পলাশবাৰীত এইদৰেই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। AdvertismentAlso Read: সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা‘পলাশবাৰীত বিধায়ক হ’ব খোজা দহজন আছে। বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই নিজেই হাংগামা কৰি থাকে। গতিকে তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব’। পলাশবাৰী বিধানসভা সমষ্টিৰ আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত মহিলা আত্মসহায়ক গোটৰ প্ৰায় ৩৬ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰি হেমাংগ আৰু হিমাংশুৰ সন্মুখতে এইদৰেই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Also Read: কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি?স্বামী বিছনাত শুই আছে আৰু মহিলাসকলে পুৱাই সভালৈ আহিছে। এয়াই পৰিৱৰ্তন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমত ৩২ লাখ মহিলাই এই চেক লাভ কৰিব। এইখন ৭২ নম্বৰ সভা বুলি উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাটোৱেই মূল উদ্দেশ্য বুলি মন্তব্য কৰে। পৰীক্ষাত উত্তীৰ্ণ হোৱা মহিলাক পুনৰ ২৫ হাজাৰ টকাকৈ দিব বুলিও মন্তব্য কৰে। পলাশবাৰীৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ২ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে। অৰুণোদয় আঁচনিৰ ৪০ লাখ মহিলাক ২০ ফেব্ৰুৱাৰীত ৮ হাজাৰ টকাকৈ একাউণ্টৰ জৰিয়তে দিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বিনামূলীয়া পাঁচ লাখ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰিব। বিজেপিৰ চৰকাৰ হ'লে চাউল, দাইল, চেনি, মিঠাতেল ফ্ৰি দিব। কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰবোৰ পাৰ চৰাইৰ বাঁহৰ দৰে আছিল। দক্ষিণ কামৰূপত গংগা বৈ আহিছে। কাজিৰঙাৰ ওপৰত ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণ হ'ব। Also Read: কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীএই চেক বিতৰণ অনুষ্ঠানত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলি কলিতা মেধি, অঞ্জন গোস্বামী, নিপন ভূঞা উপস্থিত থাকে।AdvertismentAdvertisment Read the Next Article