Assameseদ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়ভাৰতৰ দ্ৰুতবেগী ৰে'লসেৱাত আজি ৰচিত হ’ল এক নতুন অধ্যায়। দেশৰ দ্ৰুতবেগী ৰে'ল বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথমখন শ্লীপাৰ ট্ৰেইনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰা হয় আজি। পশ্চিমবংগৰ হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী মুকলি কৰে ৰে’লখন।Jyotiprasad Sarma Jan 17, 2026 17:12 ISTদ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায় Photograph: (DY365)দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলিভাৰতৰ দ্ৰুতবেগী ৰে'লসেৱাত আজি ৰচিত হ’ল এক নতুন অধ্যায়। দেশৰ দ্ৰুতবেগী ৰে'ল বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথমখন শ্লীপাৰ ট্ৰেইনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰা হয় আজি। পশ্চিমবংগৰ হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী মুকলি কৰে ৰে’লখন।AdvertismentAlso Read: পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰীশনিবাৰে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হাওৰাত ভাৰ্ছুৱেলী মুকলি কৰে ৰে’লখন। বন্দে ভাৰত এক্সপ্ৰেছৰ অত্যাধুনিক শ্লীপাৰ সংস্কৰণ এই ৰে'লখন হাওৰা আৰু গুৱাহাটীৰ (কামাখ্যা) মাজত চলিব। অসম-বংগৰ মাজত চলাচল কৰিবলগা বন্দে ভাৰতৰ শ্লীপাৰ ট্ৰেইনৰ যাত্ৰা সময় ১৪ ঘণ্টা। বন্দে ভাৰত শ্লীপাৰ ৰে’লখনত আছে ১৬টা অত্যাধুনিক দবা। ৰে’লখনত এবাৰত ৮২৩জন যাত্ৰীয়ে কৰিব পাৰিব যাত্ৰা। ১৮০ কিলোমিটাৰৰ দুৰন্ত গতিৰে চলিব বন্দে ভাৰতৰ শ্লীপাৰ ট্ৰেইনখন। অত্যাধুনিক এৰ’ ডাইনেমিক ডিজাইনে দিয়ে এই দুৰন্ত গতি। উন্নত মানৰ কেটাৰিং ছাৰ্ভিছেজৰ কৰ্মীয়ে অসমতপৰিৱেশন কৰিব থলুৱা খাদ্য। অসমৰ সীমা পাৰ হৈ বংগত সোমালেই ৰে’লত পৰিৱেশন হ’ব বংগৰ থলুৱা খাদ্য। Also Read: সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকাবন্দে ভাৰত শ্লীপাৰ ৰে’লখনৰ সৰ্বোচ্চ গতি ক্ষমতা ঘণ্টাত ১৮০ কিলোমিটাৰ। সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত এই ৰে’লখনত ১৬টা দবা আছে। য’ত থাকিব ১১টা এচি ৩-টায়াৰ, থাকিব ৪টা এচি ২-টায়াৰ আৰু ১টা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব ট্ৰেইনখনত।বন্দে ভাৰত শ্লীপাৰ ৰে’লখনৰ ভাৰা ২,৩০০ টকা। এচি ৩-টায়াৰৰ ভাৰা ২,৩০০ টকা। এচি ২-টায়াৰৰ ভাৰা ৩,০০০ টকা। এ চি ফাৰ্ষ্ট ক্লাছৰ ভাৰা ৩,৬০০ টকা। যাত্ৰীসকলে এই ৰে'লখনত যাত্ৰাৰ সময়ত কেইবাটাও উন্নতমানৰ বৈশিষ্ট্যৰ দ্বাৰা উপকৃত হ’ব। স্বয়ংক্ৰিয় দুৱাৰ আৰু উচ্চমানৰ ছাচপেনচন আৰু শব্দ হ্ৰাসৰ ব্যৱস্থাও থাকিব এই ট্ৰেইনখনত। ৰে'লযাত্ৰীৰ সুৰক্ষা আৰু আৰামৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব এই ৰে'লখনত। AdvertismentAdvertisment Read the Next Article