Assameseগুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাগুৰুমবা দহৌ উপভোগসৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীত ‘বাগুৰুমবা দহৌ’ অনুষ্ঠান উপভোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰে বাগুৰুমবা নৃত্য। বিহু, ঝুমইৰৰ পাছত এয়া বাগুৰুমবাৰ বিশ্ব অভিলেখ। Jyotiprasad Sarma Jan 17, 2026 20:02 ISTগুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাগুৰুমবা দহৌ উপভোগ Photograph: (DY365)গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসৰুসজাইত বাগুৰুমবা দহৌ উপভোগ প্ৰধানমন্ত্ৰীৰবিশ্ব দৰবাৰলৈ বাগুৰুম্বা!দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীক।Advertismentবৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে সৰুসজাই অভিমুখে ৰাওনা হয় নৰেন্দ্ৰ মোদী। পথৰ দুয়ো কাষে ৰাইজৰ অভিবাদন গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এক বিশাল কনভয়ৰ মাজেৰে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীলৈ যায় মোদী। ‘বাগুৰুমবা দহৌ’ অনুষ্ঠান উপভোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰে বাগুৰুমবা নৃত্য। বিহু, ঝুমইৰৰ পাছত এয়া বাগুৰুমবাৰ বিশ্ব অভিলেখ। ২৩ খন জিলাৰ ৮১টা সমিষ্টিৰ নৃত্যশিল্পীয়ে পৰিৱেশন কৰে বাগুৰুমবা নৃত্য। ২৫ জন বড়ো সমাজৰ বিশেষজ্ঞই প্ৰস্তুত কৰিছে আৰ্হি। বিহু, ঝুমুইৰৰ পাছত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।Also Read: দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়‘বাগুৰুমবা দহৌ’ অনুষ্ঠান উপভোগৰ পূৰ্বে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়ো ভাষাত ভাষণ আৰম্ভণি কৰে। ৰাজ্যবাসীক মাঘ বিহুৰো শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী হিচাপে মই যিমানবাৰ আহিছো, অসমলৈ আন কোনো অহা নাই বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয়- অসমৰ কলা-সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰক। ইয়াৰ বাবে আমাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব। বড়ো সমাজৰ প্ৰতিগৰাকী ব্যক্তিক মই শ্ৰদ্ধা জনাইছো। অসমৰ অতীত, ইতিহাসৰ জৰিয়তে ভাৰতীয় ইতিহাস সম্পূৰ্ণ হয়। আমাৰ দিনতেই চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পাইছে। আমাৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। বাথৌ ধৰ্ময়ো আমাৰ দিনত মান্যতা লাভ কৰিছে। Also Read: তেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদক‘বাগুৰুমবা দহৌ’ অনুষ্ঠান শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকী যায় খানাপাৰাৰ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালালৈ। নিশাটো কইনাধৰাত কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৮ জানুৱাৰী দেওবাৰে পুৱা ৯.৩০ বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। কলিয়াবৰত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰ। ইয়াৰ পিছতে কলিয়াবৰৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ডেৰ লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাত। বিভিন্ন চৰকাৰী বিভাগ ভীষণভাৱে ব্যস্ত হৈ পৰিছে সভাস্থলীত। মৌচন্দা পথাৰৰ সভাস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কলিয়াবৰত জনসভা শেষ কৰি গুৱাহাটী বিমান বন্দৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনেপোনে দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। AdvertismentAdvertisment Read the Next Article