Assameseকেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন?PM-KISANক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে একাউণ্টে সোমাব টকা। PM-KISANৰ ২২ নং কিস্তিৰ অধীনত সোমাব ধন। মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত কৃষকৰ একাউণ্টত ধন জমা হোৱাৰ সম্ভাৱনা আছে।Jyotiprasad Sarma Jan 17, 2026 21:54 ISTকেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন? Photograph: (DY365)লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰকেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন?PM-KISANক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে একাউণ্টে সোমাব টকা। PM-KISANৰ ২২ নং কিস্তিৰ অধীনত সোমাব ধন। Advertismentমাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত PM-KISANৰ ২২ নং কিস্তিৰ ধন লাখ লাখ কৃষকৰ একাউণ্টত জমা হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে প্ৰতি চাৰি মাহৰ মূৰে মূৰে কিস্তি মুকলি কৰি দিয়ে চৰকাৰে। প্ৰতিটো কিস্তিৰ পৰিমাণ ২০০০ টকা। ইয়াৰ পূৰ্বৰ কিস্তি ২০২৫ চনৰ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল।Also Read: গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাগুৰুমবা দহৌ উপভোগধন লাভ কৰিবলৈ কি কি কৰিব লাগিব আপুনি?ধন লাভ কৰিবলৈ কৃষকসকলে E-KYC সম্পূৰ্ণ কৰিব লাগিববেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ (ইউআইডি)ৰ সৈতেমাটিৰ ৰেকৰ্ড PM-KISAN প’ৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিবমাৰ্চ-এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছেকাৰিকৰী বিজুতিৰ বাবে কেতিয়াবা কিছুমানৰ একাউণ্টত ধন নোসোমায়তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব?প্ৰথমে pmkisan.gov.inৰ অফিচিয়েল ৱেবচাইটলৈ যাওকহোমপেজত Farmer Corner বিকল্পটো ক্লিক কৰকKnow Your Statusত ক্লিক কৰকপাছত ৰেজিষ্টাৰ নম্বৰ দিয়কপাছত মোবাইললৈ OTP আহিবপৰৱৰ্তী সময়ত আপুনি ষ্টেটাছ চাব পাৰিব। Also Read: দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা ২০১৯ৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিছিল চৰকাৰে। এই আঁচনিৰ অধীনত যোগ্য কৃষকে বছৰি মুঠ ৬,০০০ টকা লাভ কৰে। এই ধন তিনিটা কিস্তিত পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা কৰা হয়। প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ টকাকৈ কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয়। যাৰ ফলত কৃষকসকলে তেওঁলোকৰ খেতি আৰু ঘৰুৱা খৰচ পূৰণ কৰাত সহায় কৰে। চৰকাৰে এই পৰ্যন্ত ২১টা কিস্তি মুকলি কৰি দিছে।AdvertismentAdvertisment Read the Next Article