Advertisment

অসমৰ মাদ্ৰাছাত চলিছে কি?

অসমৰ মাদ্ৰাছাত চলিছে কি? ধুবুৰীৰ এখন মাদ্ৰাছাত সংঘটিত কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মাদ্ৰাছাত ছাত্ৰীৰে অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ ভণ্ড মৌলবীৰ বিৰুদ্ধে। নিশা ধুবুৰীৰ সাহেবগঞ্জৰ মাদ্ৰাছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

 অসমৰ মাদ্ৰাছাত চলিছে কি? Photograph: (DY365)
অসমৰ মাদ্ৰাছাত চলিছে কি? Photograph: (DY365)

অসমৰ মাদ্ৰাছাত চলিছে কি?


মাদ্ৰাছাত ছাত্ৰীক অশ্লীল প্ৰস্তাৱ মৌলবীৰ!

অসমৰ মাদ্ৰাছাত চলিছে কি? ধুবুৰীৰ এখন মাদ্ৰাছাত সংঘটিত কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মাদ্ৰাছাত ছাত্ৰীৰে অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ ভণ্ড মৌলবীৰ বিৰুদ্ধে। নিশা ধুবুৰীৰ সাহেবগঞ্জৰ মাদ্ৰাছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ১৩ বছৰীয়া ছাত্ৰীক ভণ্ড মৌলবীয়ে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ। 

Advertisment

ধুবুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। অবৈধ আবাসিক মাদ্ৰাছাত ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ ভণ্ড মৌলবী মোক্তাৰ হোছেইনৰ বিৰুদ্ধে। ১৩ বছৰীয়া ছাত্ৰীক ভণ্ড মৌলবী মোক্তাৰ হোছেইনে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন। ঘটনাক লৈ নিশা ধুবুৰীৰ সাহেবগঞ্জৰ মাদ্ৰাছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ধুবুৰীৰ সাহেবগঞ্জ বানাত (ছোৱালী) মাদ্ৰাছাত সংঘটিত হয় এই ঘটনা। নিশা একেখন বিছনাত শুবলৈ ছাত্ৰীক প্ৰস্তাৱ দিয়াৰ অভিযোগ ভণ্ড মৌলবী মোক্তাৰ হুছেইনৰ বিৰুদ্ধে। 

Also Read: বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ৪ যুৱকৰ

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ভণ্ড মৌলবী মোক্তাৰ হুছেইনৰ প্ৰস্তাৱ মানিবলৈ আমান্তি হয় আৰু মাদ্ৰাছাখনৰ ওচৰৰ স্থানীয় লোকক কথাটো অৱগত কৰে। ছাত্ৰীগৰাকীয়ে স্থানীয় চিৰাজুল চিকাৰী নামৰ লোকজনক অৱগত কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত। লগে লগে স্থানীয় ৰাইজে ভণ্ড মৌলবী মোক্তাৰ হুছেইনক কৰায়ত্ত কৰি গতাই দিয়ে বালাজান আৰক্ষীক। 

Also Read: 'সকলোকে বিশ্বাস কৰাটোৱেই আমাৰ ভুল আছিল', কিন্তু জুবিনে মানুহ চিনাই থৈ গ'ল

ইফালে ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। পূৰ্বেও মাদ্ৰাছাখনৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অবৈধভাৱে ছোৱালী মাদ্ৰাছা স্থাপন কৰি ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালক এটা চক্ৰই ঘটনা ৰাজহুৱা নকৰিবলৈ হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে গৌৰীপুৰৰ বালাজান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।  

Advertisment
Advertisment