"'সকলোকে বিশ্বাস কৰাটোৱেই আমাৰ ভুল আছিল', কিন্তু জুবিনে মানুহ চিনাই থৈ গ'ল Advertisment 'জুবিন যেতিয়া পৃথিৱাৰ পৰা যাব লগা হ'ল, মোক মানুহবিলাক চিনাকি কৰি থৈ গ'ল । তেওঁলোকক পৰিয়াল বুলি ভৱাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। আদালতৰ বাহিৰত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ। ক'লে- 'এই দানৱকেইটাই যাতে কেতিয়াও জামিন নাপায়'। Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ"ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ জুবিনবিহীনভাৱে ৪টা মাহ পাৰ হ'ল। প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে প্ৰকৃততে কি হৈছিল সেয়া জানিবলৈ আৰু হাৰ্টথ্ৰৱৰ ন্যায়ৰ অপেক্ষাত প্ৰতিজন অসমীয়া। ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ কেইবাটাও শুনানী অনুষ্ঠিত হৈছে। আজি অনুষ্ঠিত হৈছিল শুনানী আৰু শুনানীত উপস্থিত আছিল হাৰ্টথ্ৰ'ৱৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। Read More- প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰী 'অসুৰকেইটাই জামিন পাব নালাগে। কঠোৰ শাস্তি পাব লাগিব দানৱকেইটাই। জুবিনৰ মৃত্যুৰ পিছতহে মই দানৱবিলাকক চিনি পালো। শুনানীৰ অন্তত আদালতৰ বাহিৰত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক মন্তব্য। কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে ক'লে- 'সকলোকে বিশ্বাস কৰাটোৱেই আমাৰ ভুল আছিল। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি ভাবিছিল। কিন্তু জুবিন যেতিয়া পৃথিৱাৰ পৰা যাব লগা হ'ল, এই মানুহবিলাকক চিনাকি কৰি থৈ গ'ল'। জুবিনৰ নিচিনা ময়ো সকলোকে নিজৰ পৰিয়াল বুলি ভাবিছিলো। আৰু এই দানৱবিলাকক পৰিয়াল বুলি ভৱাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল'। Read More- মহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰ গৰিমা শইকীয়া গাৰ্গে ক'লে- 'শাস্তি নোপোৱালৈকে এই দানৱকেইটাই যাতে কেতিয়াও জামিন নাপায় । অসমৰ ৰাইজেও এয়াই বিচাৰে। গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে, জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে কোনেও জামিন পাব নালাগে'। আনহাতে অসমৰ ৰাইজক উদ্দেশ্যি গৰিমাই ক'লে- 'অসমৰ ৰাইজ মোৰ লগত, আমাৰ পৰিয়ালৰ লগত সদায় আছে। অসমৰ ৰাইজেই এতিয়া মোৰ আৰু পৰিয়ালটোৰ বাবে সাহস। মোৰ বিশ্বাস আছে অসমৰ ৰাইজে সদায় এনেদৰেই থাকি আমাক আৰু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই'।"