Advertisment

বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণ

ৰাজ্যৰ মুছলমানৰ বাবে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ উপহাৰ। মুছলমানৰ বাবে এতিয়াৰে পৰা থাকিব ৪ শতাংশ স্থায়ী সংৰক্ষণৰ ব্যৱস্থা। বিজেপিক চেলেঞ্জ দি এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ। 

 File Photo
File Photo

বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণ

ৰাজ্যৰ মুছলমানৰ বাবে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ উপহাৰ। মুছলমানৰ বাবে এতিয়াৰে পৰা থাকিব ৪ শতাংশ স্থায়ী সংৰক্ষণৰ ব্যৱস্থা। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ চৰকাৰ আহিলেও বিজেপিয়ে মুছলমানৰ এই সংৰক্ষণ আতৰাব নোৱাৰে। বিজেপিক চেলেঞ্জ দি এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ। 

Advertisment

Read More- অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী

বিজেপি দল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক চেলেঞ্জ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ। অমিত শ্বাহক চেলেঞ্জ মুখ্যমন্ত্ৰী কৰি ৰেৱন্ত ৰেড্ডীয়ে ক'লে- সাহস আছে যদি তেলেংগানাত চৰকাৰ গঠন কৰি দেখুওৱাক বিজেপিয়ে। 

Read More- মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

হায়দৰাবাদত অনুষ্ঠিত এক অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ কেইবাটাও বিস্ফোৰক মন্তব্য। সংখ্যালঘুৰ প্ৰতি সমৰ্থন, ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আইন, মুছলমান সংৰক্ষণ আদি বিষয়ত মুকলিকৈ ভাষণ দি মুখ্যমন্ত্ৰী ৰেড্ডীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনায়। ৰাজ্যখনত শীঘ্ৰেই ঘৃণামূলক ভাষণ ৰোধ কৰিবলৈ কংগ্ৰেছ চৰকাৰে কঠোৰ আইন প্ৰৱৰ্তন কৰিব বুলিও উল্লেখ কৰে।

Read More- ‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱন চৌহদত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে, আগন্তুক বিধানসভাৰ অধিৱেশনত ঘৃণামূলক ভাষণ বিৰোধী আইন উত্থাপন কৰা হ’ব। দেশত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ এনে ভাষণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে উল্লেখ কৰে। হায়দৰাবাদত অনুষ্ঠিত জমিয়ত উলেমা-ই-হিন্দৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে।

Advertisment
Advertisment