Advertisment

ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত নেতাৰ মাজত হতাহতি! ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত বাছৰ ভিতৰতে হতাহতিৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই চাঞ্চল্যকৰ দাবী ।

 File Photo
File Photo

ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত নেতাৰ মাজত হতাহতি! ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত বাছৰ ভিতৰতে হতাহতিৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই চাঞ্চল্যকৰ দাবী ।

Advertisment

Read More- Who is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰ

কংগ্ৰেছক লৈ চাঞ্চল্যকৰ দাবী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিস্ফোৰক মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- 'কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাৰ বাহনত গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়া। জীতেন্দ্ৰ সিঙেহে দুয়োৰে কাজিয়া ভাঙিলে'। কিন্তু প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাবী কিমান সঁছা?

Read More- মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰ

গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য- গৌৰৱ গগৈয়ে প্ৰথমে পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰি বাছখনত উঠিলে। বাঠত উঠিয়েই ভুপেন বৰাৰ সৈতে কাজিয়া লাগিল গৌৰৱৰ। এটা সময়ত এই কাজিয়াই হতাহতিৰ ৰূপ লোৱাৰ উপক্ৰম হৈছিল। অৱশেষত জীতেন্দ্ৰ সিঙে আহি দুয়োৰে কাজিয়া ভাঙিয়া দিলে। এয়াই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা। কি কাৰণত দুয়োৰে কাজিয়া লাগিল মই সেইটোও জানো কিন্তু আজি আৰু ইমানখিনি নকও। 

Read More- অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

গৌৰৱ গগৈয়ে কি পৰিৱৰ্তন কৰিব নাজানো। কাৰণ তেওলোকে আৰম্ভ কৰা পৰিৱৰ্তন যাত্ৰা কোনফালে কৰিব সেই কথাও গৌৰৱে বাকী কেইজনক নকয়। এনেকৈ গৌৰৱ গগৈয়ে অসমৰ কি পৰিৱৰ্তন কৰিব? গতিকে মই ভাৱো নিৰ্বাচনৰ টিকট দিয়ালৈকে কংগ্ৰেছ দলটো চলাই ৰখাটোও দিগদাৰ হ'ব। এইদৰে আজি পুনৰ কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment
Advertisment