Assameseমুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গোচৰ। লতাশিল থানাত গোচৰ ৰুজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই ৰাজনীতি কৰাৰ অভিযোগেৰে দি অসম চিভিল ছ’চাইটিয়ে ৰুজু কৰিলে গোচৰ।Mrinmoy Talukdar Feb 03, 2026 13:32 ISTFile Photoমুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গোচৰ। লতাশিল থানাত গোচৰ ৰুজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই ৰাজনীতি কৰাৰ অভিযোগেৰে দি অসম চিভিল ছ’চাইটিয়ে ৰুজু কৰিলে গোচৰ।AdvertismentRead More- আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়ভিন্ন সময়ত মিঞাক লৈ এটাৰ পিছত আনটো বিতৰ্কিত মন্তব্য কৰি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমান পূৰ্বে মিঞা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল- 'মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা সকলে কষ্ট পাই থাকিব। মই মিঞা সকলক আৰামত থাকিবলৈ নিদিও। কাৰণ কষ্ট দিলেহে মিঞা সকলৰ অসমৰ পৰা যাব। গতিকে মিঞাক কষ্ট দিবলৈ ৰাতি ১২টাতো ঘৰৰ পৰা ওলাই যাওক-ৰাজ্যবাসীক উদ্দেশ্যি এই মন্তব্য় কৰিছিল মুখ্যমন্ত্ৰীয়ে'। Read More- মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰমুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ এই মন্তব্যৰ পাছতেই দি অসম চিভিল ছ’চাইটিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লতাশিল থানাত ৰুজু কৰিছে গোচৰ। গোচৰ ৰুজু কৰিয়েই জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ মন্তব্য- মিঞাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি অহা মন্তব্যই অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ পৰিৱেশ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আমি পূৰ্বেই মুখ্য়মন্ত্ৰীক এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিছিলো। অন্যথা আমি উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হয় বুলিও কৈছিলো। কিন্তু মুখ্য়মন্ত্ৰীয়ে আমাৰ অনুৰোধৰ প্ৰতি কোনো সহাৰি নিদিলে। সেয়ে আজি আমি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰূজু কৰিবলৈ বাধ্য হৈছো। লগতে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ মন্তব্য- 'হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিয়া গোচৰৰ পিছতো যদি কোনো আইনগত ব্যৱস্থা নলয়, তেন্তে আমি উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম'।Read More- Who is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰAdvertismentAdvertisment Read the Next Article