AssameseWho is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰ'সংখ্যালঘুক বাৰে-বাৰে অপমান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? আপোনালোকে ধৈৰ্য ধৰক, এজনো মিঞাৰ ওপৰত হাত তুলিলে আমি আইনৰ কাষ চাপিম'। মিঞাক অভয়বাণী দি এই হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ।Mrinmoy Talukdar Feb 03, 2026 13:25 ISTFile PhotoWho is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰ'সংখ্যালঘুক বাৰে-বাৰে অপমান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? আপোনালোকে ধৈৰ্য ধৰক, এজনো মিঞাৰ ওপৰত হাত তুলিলে আমি আইনৰ কাষ চাপিম'। মিঞাক অভয়বাণী দি এই হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ।AdvertismentRead More- মই হিন্দুও নহয়, মুছলমানো নহয়, দেশজুৰি চৰ্চাত থকা কোন এইজন মহম্মদ দীপক?মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক টাৰ্গেট কৰি আজমলৰ মন্তব্য- 'মুছলমানক টাৰ্গেট কৰি বিজেপি চৰকাৰ খনে উচ্ছেদ কৰাৰ লগতে SRৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে । কিন্তু খিলঞ্জীয়া মুছলমানৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন'- এই প্ৰশ্ন আজমলৰ।Read More- অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!লগতে আজমলে কয়, 'হাতত আৰু ৩ মাহ সময় আছে, তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। গতিকে মিঞাক যদি কোনোবাই আক্ৰমণ কৰাৰ চেষ্টা কৰে তেনেহলে ধৈৰ্য ধৰক। আল্লাহৰ ওচৰত নামাজ পঢ়ি দোৱা-প্ৰাৰ্থনা কৰক, আল্লাহৰ ওচৰত কান্দক। কাৰণ আল্লাহৰ ওচৰত সকলো বিচাৰ আছে। আনহাতে খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ বদৰুদ্দিন আজমলৰ। ইয়াৰোপৰি উজনি অসমৰ ৰাজপথত মিঞাৰ বিৰুদ্ধে পোষ্টাৰিং কৰা সন্দৰ্ভত আজমলে কয়, এজন মিঞা মানুহৰ ওপৰতো যদি কোনোবাই হাত তোলে তেনেহলে আমি আইনৰ কাষ চাপিবলৈ বাধ্য হম'। Read More- হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশআনহাতে বিৰোধী ঐক্য সন্দৰ্ভত বদৰুদ্দিন আজমলে কয়, '২৬ৰ নিৰ্বাচনত আমি একেলগে যুঁজ নিদিলে পুনৰ বিজেপি ক্ষমতালৈ আহিব। সেয়ে বিজেপিৰ বাহিৰে প্ৰতিটো দলৰ বাবে আমাৰ দুৱাৰ খোলা আছে। গতিকে যিসকলে বিজেপি ক্ষমতালৈ আহিব নালাগে বুলি ভাৱে, সকলো একলগ হওক'।AdvertismentAdvertisment Read the Next Article