Advertisment

মই হিন্দুও নহয়, মুছলমানো নহয়, দেশজুৰি চৰ্চাত থকা কোন এইজন মহম্মদ দীপক?

মুছলমান ব্যৱসায়ীৰ পক্ষত থিয় হৈ বজৰং দলেৰে যুক্তি তৰ্ক। বজৰং দলে পৰিচয় সোধাত কৈছিল মোৰ নাম মহম্মদ দীপক। ৰাহুল গান্ধীয়ে হিৰো আখ্যা দিয়া দীপক কুমাৰক লৈ দেশজুৰি চৰ্চা। 

 File Photo
File Photo

মই হিন্দুও নহয়, মুছলমানো নহয়, দেশজুৰি চৰ্চাত থকা কোন এইজন মহম্মদ দীপক?

মুছলমান ব্যৱসায়ীৰ পক্ষত থিয় হৈ বজৰং দলেৰে যুক্তি তৰ্ক। বজৰং দলে পৰিচয় সোধাত কৈছিল মোৰ নাম মহম্মদ দীপক। ৰাহুল গান্ধীয়ে হিৰো আখ্যা দিয়া দীপক কুমাৰক লৈ দেশজুৰি চৰ্চা। 

Advertisment

Read More- সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি

উত্তৰাখণ্ডৰ কোটদ্বাৰত অৱস্থিত এখন দোকানক লৈ বজৰং দলে সাব্যস্ত কৰিছিল প্ৰতিবাদ। দোকনখনৰ নাম "বাবা স্কুল ড্ৰেছ এণ্ড মেচিং চেণ্টাৰ"। বিগত ৩০ বছৰে এই দোকানখন চলাই আছিল শ্বোয়েব আহমেদে। শেহতীয়াকৈ দোকানখনৰ নামক লৈ বিতৰ্কৰ সূচনা কৰিছে বজৰং দলে। বজৰং দলৰ মতে মুছলমান ব্যৱসায়ীয়ে বাবাৰ নামত খুলিব নোৱাৰিব দোকান। বজৰং দলে দোকানখনকত আহি উত্তপ্ত পৰিস্থিতি কৰাৰ সময়তে শ্বোয়াইব আহমেদৰ পক্ষক থিয় দিয়ে পেচাত জীম ট্ৰেইনাৰ দীপক কুমাৰ। দীপক কুমাৰে বজৰং দলত প্ৰশ্ন কৰে, দোকানখনত বাবা নাম  থকাত আপত্তি কিয়? মুছলমানে বাবা নাম ৰাখিব নোৱাৰে বুলি ক’ত লিখা আছে? 

Read More- SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

তেতিয়া বজৰং দলে পৰিচয় সোধে দীপক কুমাৰক। বজৰং দলৰ প্ৰশ্নত দীপকৰ উত্তৰ- মোৰ নাম মহম্মদ দীপক। এই ঘটনাৰ পিছতেই দীপক কুমাৰৰ বিৰুদ্ধেও আক্ৰমণাত্মক স্থিতি লয় বজৰং দলে। দীপক কুমাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। তাৰ পাছতেই এই ঘটনাক লৈ উত্তৰাখণ্ডৰ কোটদ্বাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। 

Read More- অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

বিতৰ্কৰ মাজতেই দীপক কুমাৰে দিয়ে এক বিশেষ ভিডিঅ' বাৰ্তা। ভিডিঅ' বাৰ্তাত দীপকে স্পষ্টকৈ কয়, ‘মই হিন্দুও নহয়, মই মুছলমান নহয়, প্ৰথমতে মই এজন মানুহ। মোৰ মৃত্যুৰ পিছত মই উত্তৰ দিব লাগিব নেদেখাজনক। আমাৰ দেশক প্ৰেমৰ দৰকাৰ, হিংসা আৰু ঘৃণাৰ কোনো দৰকাৰ নাই’।

Read More- হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ

এই ভিডিঅ' বাৰ্তাৰ পাছতেই দেশজুৰি চৰ্চাত আহে দীপক কুমাৰ। বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এক্স হেণ্ডেলযোগে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। ‘ভাৰতৰ হিৰো গীপক কুমাৰ। সংবিধান আৰু মানৱতাৰ বাবে যু্দ্ধ কৰিছে দীপকে। সমাজখনত দীপকৰ দৰে লোকৰ দৰকাৰ আছে’।

Advertisment
Advertisment