Assameseকেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবী৮ ফেব্ৰুৱাৰী, দেওবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন বহুচৰ্চিত সংবাদমেল। এই সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য। কিন্তু মুখ্যমন্ত্ৰীৰ এই সংবাদমেলক লৈ অসন্তুষ্ট বিধায়ক অখিল গগৈ। Mrinmoy Talukdar Feb 09, 2026 12:45 ISTFile Photoকেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবীAdvertisment৮ ফেব্ৰুৱাৰী, দেওবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন বহুচৰ্চিত সংবাদমেল। এই সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য। কিন্তু মুখ্যমন্ত্ৰীৰ এই সংবাদমেলক লৈ অসন্তুষ্ট বিধায়ক অখিল গগৈ। কিন্তু অখিল গগৈৰ এই অসন্তুষ্টি কিয়?Read More- 'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পাছতেই নিশা সামাজিক মাধ্যমত বিশেষ পোষ্ট ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। সামাজিক মাধ্যমত ক্ষোভ উজাৰি অখিল গগৈয়ে লিখিছে- 'পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিলে ৰাষ্ট্ৰদ্ৰোহৰ দোষত দোষী হ’ব। ৰাষ্ট্ৰদ্ৰোহীক গ্ৰেপ্তাৰ নকৰি সুযোগ দি থকাজনো ৰাষ্ট্ৰদ্ৰোহীয়েই। মুখ্যমন্ত্ৰীৰ অভিযোগ যদি সঁচা, গৌৰৱ- হিমন্ত দুয়োজনকে গ্ৰেপ্তাৰ কৰক'।AdvertismentRead More- বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণঅখিল গগৈৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ- যদি গৌৰৱ গগৈ সছাকৈয়ে পাকিস্তানৰ এজেণ্ট তেনেহলে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক। এজন চিৰবৈৰী ৰাষ্ট্ৰৰ এজেণ্টক এনেকৈ মুকলি আকাশত থাকিব দিছে কিয়? গতিকে পাকিস্তানৰ এজেণ্ট হলে গৌৰৱ গগৈ ৰাষ্ট্ৰদ্ৰোহী হ'ব। আৰু ৰাষ্ট্ৰদ্ৰোহী এজনক গ্ৰেপ্তাৰ নকৰি তেওক মুকলি আকাশৰ তলত ঘুৰি ফুৰিবলৈ সুযোগ দি থকাজনো ৰাষ্ট্ৰদ্ৰোহীয়েই। সেয়ে কেৱল গৌৰৱ গগৈকেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰক। Read More- ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?উল্লেখ্য যে কালিৰ দিনটোত অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কেইবাটাও গুৰুতৰ অভিযোগ আনিছিল। সংবাদমেলতেই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছিল গৌৰৱ গগৈ, পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈ আৰু আলী তৌকীৰ শ্বেখক লৈ বহু বিস্ফোৰক তথ্যও। মুখ্যমন্ত্ৰীৰ এই সংবাদমেলৰ পাছতেই ৰাজ্যুজুৰি গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীৰে বিজেপি কৰ্মীসকলে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ।AdvertismentRead More- ‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং! Read More AdvertismentAdvertisment Read the Next Article