Advertisment

মৰাণৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হ'ব অসমীয়াৰ? প্ৰশ্ন অখিল গগৈৰ

'মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হব অসমীয়াৰ? এয়াৰ শ্ব' চাবলৈ প্ৰধানমন্ত্ৰী অসমলৈ কিয় আহিব লাগে? কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ লগত সুৰ মিলাই প্ৰশ্ন অখিল গগৈৰ।

 File Photo
File Photo

মৰাণৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হ'ব অসমীয়াৰ? প্ৰশ্ন অখিল গগৈৰ

'মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হব অসমীয়াৰ? এয়াৰ শ্ব' চাবলৈ প্ৰধানমন্ত্ৰী অসমলৈ কিয় আহিব লাগে? কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ লগত সুৰ মিলাই প্ৰশ্ন অখিল গগৈৰ।

Advertisment

Read More- বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতে অসমৰ ইতিহাসত সংযোজন হ'ল অন্য এক অধ্যায়। মৰাণৰ জটিয়নীৰ এচোৱা ৰাজপথ ELF হিচাপে নিৰ্মাণ কৰা হৈছে। যাৰ দ্বাৰা এতিয়াৰে পৰা অসমৰ ৰাজপথত নামিব পাৰিব যুদ্ধবিমান। ১০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ELFত উৰণ, অৱতৰণ কৰিব ৰাফেল, ছুখই আদি যুঁজাৰু বিমানে।

Read More- কেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবী

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতে অন্ত পৰিল গুৱাহাটীৰ দীৰ্ঘদিনীয়া অপেক্ষা। আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বহু প্ৰতীক্ষিত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত দলং। বহু ঘাত-প্ৰতিঘাতৰ অন্তত নিৰ্মাণ সম্পন্ন হৈছিল দলঙখনৰ। ইয়াৰ পাছতেই লাচিতঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে IIMৰ অস্থায়ী চৌহদ। লগতে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটীৰ বাবে ১০০খন ই-বাছ। 

Read More- 'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত ৰাজ্যবাসীয়ে পালে বহু উপহাৰ। কিন্তু ইয়াৰ মাজতেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ কেইবাটাও প্ৰশ্ন উথাপন কৰিছে। অখিল গগৈৰ প্ৰশ্ন- মৰাণৰ ৰাজপথত কেইখনমান যুদ্ধ বিমান উৰুৱাই দেখুৱালে অসমীয়া জাতিটোৰ কি উন্নতি হ'ব? যুদ্ধবিমানৰ এয়াৰ শ্ব' চাবলৈ প্ৰধানমন্ত্ৰী অসমলৈ আহিব লাগে নেকি? যদি প্ৰধানমন্ত্ৰীয়ে এয়াৰ শ্ব' চাব চাবই বিচাৰে তেনেহলে অসমলৈ কিয় আহিব লাগে? দিল্লীৰ পৰাই চাব পাৰিলেহেতেন।

Read More- বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ যে কেৱল অখিল গগৈয়ে প্ৰশ্ন কৰিছে তেনেকুৱা নহয়। মোদীৰ অসম ভ্ৰমণক লৈ প্ৰশ্ন উথাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও। গৌৰৱ গগৈৰ প্ৰশ্ন- 'মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়, বিমানৰ ভাড়া কিমান সেয়াহে গুৰুত্বপূৰ্ণ। বিমান বন্দৰত একাপ চাহৰ দাম কিমান সেয়াহে বেছি গুৰুত্বপূৰ্ণ। ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ বিমানৰ ভাড়া ১৮ৰ পৰা ২০ হাজাৰ টকা। বিমান বন্দৰত একাপ চাহৰ দাম ১০০-১৫০ টকা '। লগতে গৌৰৱ গগৈয়ে ক'লে- 'মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাফেল, ছুখয়, তেজছৰ দৰে যুদ্ধ বিমান অৱতৰণ কৰাতকৈ আমেৰিকাৰ জেফ্ৰি এপষ্টেইন ফাইলছহে বেছি গুৰুত্বপূৰ্ণ'।

Advertisment
Advertisment