Assameseমিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰমিত্ৰতাক লৈ কংগ্ৰেছক পুনৰ ডেডলাইন অখিল গগৈৰ। কংগ্ৰেছক নতুন ডেডলাইন দি অখিল গগৈৰ ঘোষণা- ১৯ ফেব্ৰুৱাৰীৰ পিছত মিত্ৰতা নহ'লে ৰাইজৰ দলে অকলেই নিৰ্বাচন খেলিম। আগন্তুক ৫ দিনৰ ভিতৰত মিত্ৰতা নহ'লে অখিল গগৈয়ে ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু সমষ্টিৰ নাম।Mrinmoy Talukdar Feb 14, 2026 18:10 ISTFile Photoমিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰমিত্ৰতাক লৈ কংগ্ৰেছক পুনৰ ডেডলাইন অখিল গগৈৰ। কংগ্ৰেছক নতুন ডেডলাইন দি অখিল গগৈৰ ঘোষণা- ১৯ ফেব্ৰুৱাৰীৰ পিছত মিত্ৰতা নহ'লে ৰাইজৰ দলে অকলেই নিৰ্বাচন খেলিম। আগন্তুক ৫ দিনৰ ভিতৰত মিত্ৰতা নহ'লে অখিল গগৈয়ে ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু সমষ্টিৰ নাম।AdvertismentRead More- বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণবিৰোধী ঐক্যৰ মিত্ৰতাৰ নামত কেৱল তাৰিখ আৰু তাৰিখ। কিন্তু আসন বুজাপৰাৰ বাবে একেখন মঞ্চত এইপৰ্যন্ত বহা নাই বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৰ্গ। মূলত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। কংগ্ৰেছৰ ভূমিকাক লৈ ক্ষুব্ধ অখিল গগৈয়ে এইবাৰ কংগ্ৰেছক দিলে নতুন ডেডলাইন। Read More- ‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!কংগ্ৰেছক নতুন ডেডলাইন দি অখিল গগৈৰ ঘোষণা- ১৯ ফেব্ৰুৱাৰীলৈকে কংগ্ৰেছৰ হাতত সময় আছে। যদি ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত কংগ্ৰেছে আসন বুজাবুজিক লৈ আমাৰ সৈতে বৈঠকত বহে তেনেহলে ভাল কথা। কিন্তু ১৯ ফেব্ৰুৱাৰীৰ পাছত আমি বহি নাথাকিম। ১৯ ফেব্ৰুৱাৰীলৈকে মিত্ৰতাক লৈ আলোচনা নহলে আমি নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত লম।Read More- 'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-উল্লেখ্য যে বিৰোধীৰে মিত্ৰতা আৰু আসন বুজাপৰাৰ বাবে কংগ্ৰেছ হাইকামাণ্ডে দায়িত্ব অৰ্পন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক। ১৩ ফেব্ৰুৱাৰী তাৰিখে ৰাইজৰ দলৰ সৈতে বৈঠকতো বহাৰ কথা আছিল ভূপেন বৰাৰ। কিন্তু শেষ মূহূৰ্তত এই বৈঠকখন বাতিল হৈছিল। Read More- মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰৰাইজৰ দলেৰে এই বৈঠকখন বাতিল হোৱাৰ পাছত অসন্তুষ্টি ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্য- 'ভূপেন বৰাক আমাৰ সৈতে আসন বুজাপৰা কৰিবলৈ হাইকামাণ্ডে দায়িত্ব দিয়াত আমি সুখী হৈছিলো। ভূপেন বৰাই ইমানদিনে ৰাজ্যৰ বিৰোধী দলসমূহক একত্ৰিত কৰি ৰাখিছিল। ভূপেন বৰা সভাপতিৰ দায়িত্বত থাকোতে আমি তেখেতৰ সৈতে একেলগে উঠা-বহাও কৰিছেলো। ভূপেন বৰাৰ সৈতে আমাৰ সম্পৰ্কও ককাই-ভাইৰ দৰে। গতিকে ভূপেন বৰাৰ দৰে এজন প্ৰেক্টিকেল আৰু অভিজ্ঞ নেতাৰ সৈতে আমি বৈঠকত বহিলে এদিনতে আমাৰ মিত্ৰতা চূড়ান্ত হ'ব'। মিত্ৰতাক লৈ আজিৰ দিনটোত এই মন্তব্য কৰে অখিল গগৈয়ে।AdvertismentAdvertisment Read the Next Article