Advertisment

ভূপেন বৰাক লাগে সময়, সলনি কৰিব নেকি সিদ্ধান্ত?

সিদ্ধান্ত সলনি কৰিব নেকি ভূপেন বৰাই?  ভূপেন বৰাই পদত্যাগ পত্ৰ উঠাই লোৱা বুলি ঘোষণা জিতেন্দ্ৰ সিঙৰ। জিতেন্দ্ৰ সিঙৰ মন্তব্যৰ বিপৰীতে ভূপেন বৰাই ক'লে, 'মোক সময় লাগে'।

 File Photo
File Photo

ভূপেন বৰাক লাগে সময়, সলনি কৰিব নেকি সিদ্ধান্ত?

সিদ্ধান্ত সলনি কৰিব নেকি ভূপেন বৰাই?  ভূপেন বৰাই পদত্যাগ পত্ৰ উঠাই লোৱা বুলি ঘোষণা জিতেন্দ্ৰ সিঙৰ। জিতেন্দ্ৰ সিঙৰ মন্তব্যৰ বিপৰীতে ভূপেন বৰাই ক'লে, 'মোক সময় লাগে'।

Advertisment

Read More- মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰ

পুৱাৰে পৰা ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত খবৰ- ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ। দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিনীয়া মতানৈক্য আৰু অসন্তুষ্টিৰ অন্তত আজি পুৱাই কংগ্ৰেছ হাইকামাণ্ডলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভূপেন বৰাই। স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে বুলি উল্লেখ কৰি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।  

Read More- মৰাণৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হ'ব অসমীয়াৰ? প্ৰশ্ন অখিল গগৈৰ

কংগ্ৰেছ ত্যাগ কৰিয়েই সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কৈছিল- ‘মই যি ভাবিছো, যি কৰিছো সকলো সংবাদ মাধ্যমক জনাইছো। মই লুকুৱাই-চুৰি কৰি দল ত্যাগ কৰা নাই। দলৰ ভৱিষ্যতক লৈ চিন্তিত হৈহে মই এই সিদ্ধান্ত লৈছো। আৰু পুৱা ৮ বজাত কেন্দ্ৰীয় নেতৃত্বলৈ সবিস্তাৰে সকলো কথা উল্লেখ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো। লগতে ভূপেন বৰাই ক'লে- মই ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই। যেতিয়াই অন্য দলত যোগদানৰ চিন্তা-চৰ্চা কৰিম আপোনালোকক আগতীয়াকৈ জনাম’।
 

Read More- মৰাণৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হ'ব অসমীয়াৰ? প্ৰশ্ন অখিল গগৈৰ

ভূপেন বৰাৰ দৰে এজন জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাৰ দলত্যাগে জোকাৰণি তুলিছিল কংগ্ৰেছত। লগে লগে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ সহিতে অসম কংগ্ৰেছৰ নেতৃত্ব উপস্থিত হৈছিল ভূপেন বৰাৰ বাসগৃহত। তাৰ পাছতেই বৰাৰ বাসগৃহত অনুষ্ঠিত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰিলে অসম কংগ্ৰেছৰ নেতৃত্বই। 

Read More- 'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?

সংবাদমেলতেই গৌৰৱ গগৈৰ মন্তব্য- 'আমাৰ কংগ্ৰেছ দলৰ ভিতৰত শক্তিস্তম্ভ আছে, ভূপেন বৰা আমাৰ বাবে শক্তিস্তম্ভ। অসমত থকা অপশক্তিৰ বিৰুদ্ধে মাত মতাৰ ভিতৰত ভূপেন বৰা এক শক্তিশালী কণ্ঠ।  আমাৰ বাবে এয়া এক জটিল পৰিস্থিতি। আমিও শিকি আছো আৰু আমি নজনাকৈ কেতিয়াবা যদি ভূপেন বৰাক আঘাত দিছো তাৰ বাবে আমি ক্ষমা বিচাৰিছো।

Read More- ‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

তাৰ পাছতেই ভূপেন বৰাৰ মন্তব্য- এইপৰ্যন্ত মই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা নাই। দলীয় মঞ্চত গুৰুত্বহীন হোৱাৰ কথা পুনৰ উল্লেখ কৰি ভূপেন বৰাই ক'লে-  'মোক সময় লাগিব। আজি নিশা বা কাইলৈ মোৰ সিদ্ধান্ত নেতৃত্বক জনাম'। ভূপেন বৰাৰ এই মন্তব্যৰ পাছতই এতিয়া চৰ্চা চলিছে যে, ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰি সলনি কৰিব পাৰে নিজৰ সিদ্ধান্ত।

Advertisment
Advertisment