Assamese'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?'ভগৱানে লিখা কথাবোৰ কোনেও সলনি কৰিব নোৱাৰে'। হঠাৎ মহম্মদ ছিৰাজলৈ আহিছিল অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ফোন! সূৰ্যই কৈছিল ‘‘মিঞা...’’। প্ৰত্যুত্তৰত চিৰাজে কৈছিল- 'মোৰ লগত ধেমালি নকৰিবা'। Mrinmoy Talukdar Feb 09, 2026 12:53 ISTFile Photo'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?Advertisment'ভগৱানে লিখা কথাবোৰ কোনেও সলনি কৰিব নোৱাৰে'। হঠাৎ মহম্মদ ছিৰাজলৈ আহিছিল অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ফোন! সূৰ্যই কৈছিল ‘‘মিঞা...’’। প্ৰত্যুত্তৰত চিৰাজে কৈছিল- 'মোৰ লগত ধেমালি নকৰিবা'। Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। ইতিমধ্যেই মেগা ইভেণ্টখনত জয়েৰে সুন্দৰ আৰম্ভণি কৰিছে টীম ইণ্ডিয়াই। কিন্তু বিশ্বকাপৰ ঠিক পূৰ্বেই দক্ষিঁণ আফ্ৰিকাৰ বিৰুদ্ধে অনুশীলন মেচত আঘাতপ্ৰাপ্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছে হৰ্ষিত ৰাণা। হৰ্ষিত ৰাণা আঘাতপ্ৰাপ্ত হোৱাৰ পাছত টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে তাৰকা পেচাৰ মহম্মদ ছিৰাজক। Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটপ্ৰতিমূহূৰ্ততে ২২ গজত নিজৰ সৰ্বস্ব দিয়া এজন খেলুৱৈ হৈছে মহম্মদ চিৰাজ। ২০২৪ চনৰ জুলাই মাহত অন্তিমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ থেলা ছিৰাজে ৫৫৭ দিনৰ অন্তত ভাৰতীয় টি-২০ দললৈ প্ৰত্যাৱৰ্তন কৰিছিল। আৰু প্ৰত্যাৱৰ্তন মেচতে আমেৰিকাৰ বিৰুদ্ধে সুন্দৰ বলিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ছিৰাজে। আমেৰিকাৰ বিৰুদ্ধে ছিৰাজে দুৰ্দান্ত বলিঙেৰে ৪ অ’ভাৰত ২৯ ৰাণ ব্যয় কৰি দখল কৰিছিল ৩টাকৈ উইকেট।AdvertismentRead More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰমেচথনৰ অন্তত যথেষ্ট আৱেগিক দেখা গৈছিল মহম্মদ ছিৰাজক। আৱেগিক হোৱাটোও স্বাভাৱিক কথা। কাৰণ প্ৰতিজন ক্ৰিকেটাৰৰে এটা সপোন থাকে যে বিশ্বকাপত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা আৰু দেশবাসীৰ বাবে বিশ্বকাপ ট্ৰফী জয় কৰা। আৰু হঠাতেই বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ এই সুযোগ আহিছিল মহম্মদ ছিৰাজৰ ওচৰলৈ। Read More- চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মামেচৰ অন্তত ছিৰাজে কয়, "মেচৰ দুদিন আগতে সূৰ্য্য ভাইৰ ফোন আহিছিল। তেওঁ কৈছিল, 'মিয়ান, ৰেডি হোৱা, আৰু বেগ পেক কৰি মুম্বাইলৈ আহা।' তেতিয়া মই কৈছিলো, ‘সূৰ্য ভাই, মোৰ লগত ধেমালি নকৰিবা, এনেকুৱা একো নহয়। তেতিয়া সূৰ্য্য ভাইয়ে ক’লে, ‘মই ছিৰিয়াছ, তুমি বেগ পেক কৰি মুম্বাইলৈ আহা।’ তাৰ পিছত ওঝা ভাইয়ে ফোন কৰিলে আৰু লগতে সাজু হ'বলৈ ক'লে তেতিয়াহে মই বিশ্বাস কৰিলোঁ।" লগতে ছিৰাজে কয় যে বিমানত বহি থকাৰ সময়তো মোৰ এনে লাগিছিল যেন মোৰ বাবে এয়া এক সপোন। কাৰণ মই ভবা নাছিলোঁ যে মই এইবাৰৰ টি-২০ বিশ্বকাপ খেলিম।Advertisment Read More AdvertismentAdvertisment Read the Next Article