Advertisment

চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা

বিশ্বকাপৰ পূৰ্বে টীম ইণ্ডিয়াৰ অনুৰাগীলৈ ভাল খবৰ। শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ষ্টাৰ বেটাৰ তিলক বাৰ্মাই। আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰা তিলক বাৰ্মাই BCCIৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা সেউজ সংকেত লাভ কৰিছে। 

 File Photo
File Photo

 চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা

বিশ্বকাপৰ পূৰ্বে টীম ইণ্ডিয়াৰ অনুৰাগীলৈ ভাল খবৰ। শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ষ্টাৰ বেটাৰ তিলক বাৰ্মাই। খবৰ অনুসৰি আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰা তিলক বাৰ্মা সম্পূৰ্ণৰূপে সুস্থ হৈছে আৰু বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ৰ পৰা সেউজ সংকেত লাভ কৰিছে। 

Advertisment

Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট

তিলক বাৰ্মা, বৰ্তমান টীম ইণ্ডিয়াৰ এজন নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ। খুব কম সময়ৰ ভিতৰতেই যুৱ তাৰকাগৰাকীয়ে ভাৰতীয় দলত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিন্তু আঘাতৰ বাবে শেহতীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতীয় দলত নাছিল ষ্টাৰ বেটাৰগৰাকী। 

Read More- বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!

টি-২০ ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত আছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ। বিশ্বকাপৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ৫খনীয়া মেচৰ টি-২০ শৃংখলাত ভাৰতৰ হাতত ৪-১ৰ ব্যৱধানত ধৰাশায়ী হ'ল কিৱি বাহিনী। কিন্তু ইয়াৰ মাজতো ভাৰতীয় টীম মেনেজমেণ্টৰ বাবে চিন্তাৰ বিষয় আছিল ষ্টাৰ বেটাৰ তিলক বাৰ্মাৰ আঘাত। কিন্তু বিশ্বকাপৰ পূৰ্বে এতিয়া তিলক বাৰ্মা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। 

Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

খবৰ অনুসৰি তিলক বাৰ্মাই ২ ফেব্ৰুৱাৰীত মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত UAEৰ বিৰুদ্ধে ইণ্ডিয়া Aৰ ৱাৰ্ম আপ মেচত অংশগ্ৰহণ কৰিব। আৰু সকলো ঠিকে থাকিলে ৪ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ৱাৰ্ম আপ মেচৰ পূৰ্বেই ভাৰতীয় দলত যোগদান কৰিব তিলক বাৰ্মাই।

Read More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ

আনহাতে তিলক বাৰ্মাৰ ফিটনেছক লৈ টীম ইণ্ডিয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয় যে, "তিলক বাৰ্মা এতিয়া সুস্থ হৈ উঠিছে। তিলক বাৰ্মাই ২ আৰু ৪ ফেব্ৰুৱাৰীত মুম্বাইত দুখনকৈ মেচ খেলিব। মই ভাবো তিলকৰ বাবে দুখন মেচ যথেষ্ট। মই তিলকৰ সৈতে কথা পাতিছো। তিলকে ইতিমধ্যেই বেটিং, বলিং আৰু ফিল্ডিং আৰম্ভ কৰিছে। আশাকৰোঁ, তেওঁ অতি সোনকালে ভাৰতীয় দলত যোগদান কৰিব।"

Advertisment
Advertisment