Advertisment

ভূপেন বৰাৰ বাবে খোলা আছে বিজেপিৰ দুৱাৰ- মুখ্যমন্ত্ৰী

ভূপেন বৰাৰ কাৰণে খোলা আছে বিজেপিৰ দুৱাৰ।  বিজেপিলৈ আহিলে ভূপেন বৰাক বিজেপি দলৰ পৰা বিধায়ক কৰাৰো চেষ্টা কৰিম। যিদিনাই ভূপেন বৰাক সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাই মই কৈছিলো যে, 'সাধাৰণ ঘৰৰ লৰা কংগ্ৰেছ দলত থাকিব নোৱাৰে'। মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।

 File Photo
File Photo

ভূপেন বৰাৰ বাবে খোলা আছে বিজেপিৰ দুৱাৰ- মুখ্যমন্ত্ৰী

ভূপেন বৰাৰ কাৰণে খোলা আছে বিজেপিৰ দুৱাৰ।  বিজেপিলৈ আহিলে ভূপেন বৰাক বিজেপি দলৰ পৰা বিধায়ক কৰাৰো চেষ্টা কৰিম। যিদিনাই ভূপেন বৰাক সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাই মই কৈছিলো যে, 'সাধাৰণ ঘৰৰ লৰা কংগ্ৰেছ দলত থাকিব নোৱাৰে'। মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।

Advertisment

Read More- নাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়ে

পুৱাৰে পৰা ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত খবৰ- ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ। দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিনীয়া মতানৈক্য আৰু অসন্তুষ্টিৰ অন্তত আজি পুৱাই কংগ্ৰেছ হাইকামাণ্ডলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভূপেন বৰাই। স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে বুলি উল্লেখ কৰি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।  

Read More- ভূপেন বৰাক লাগে সময়, সলনি কৰিব নেকি সিদ্ধান্ত?

ভূপেন বৰাৰ দলত্যাগৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিস্ফোৰক মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- 'যিদিনাই ভূপেন বৰাক সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাই মই কৈছিলো যে, সাধাৰণ ঘৰৰ লৰাই কংগ্ৰেছ দলৰ নেতৃত্ব লব নোৱাৰে আৰু কংগ্ৰেছত থাকিব নোৱাৰে। বিশেষকৈ অসম কংগ্ৰেছত একেবাৰে সাধাৰণ ঘৰৰ লৰা আৰু হিন্দু লৰা থকাৰ পৰিৱেশ একেবাৰে নাই। বৰ্তমান কংগ্ৰেছ দলত হিন্দু সমাজৰ স্থান একেবাৰেই নাই। কংগ্ৰেছত থাকিবলৈ হ'লে হয়তো পিতৃ মুখ্যমন্ত্ৰী হ'ব লাগিব অন্যথা আপোনাৰ ধৰ্ম সংখ্যালঘু হ'ব লাগিব। ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয়। মই আগতেই জানিছিলো যে ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব। লগতে হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰি ক'লে যে- ২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিত যোগ দিব সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

Read More-  পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- 'কাইলৈ মই ভূপেন বৰাৰ ঘৰলৈ গৈ তেখেতক সাক্ষাত কৰিম। ভূপেন বৰা আৰু মই একেলগে কংগ্ৰেছত যোগদান কৰিছিলো। গতিকে মংগলবাৰে সন্ধিয়া মই ভূপেন বৰাক লগ কৰিম। ভৱিষ্যতে তেখেতে কেনেকুৱা ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব মই এই বিষয়ত তেওঁৰ সৈতে আলোচনা কৰিম। কিন্তু বৰ্তমানলৈকে তেখেতে বিজেপি দলৰ সৈতে কোনো যোগাযোগ কৰা নাই'। লগতে ভূপেন বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে- 'ভূপেন বৰাৰ কাৰণে বিজেপিৰ দুৱাৰ খোলা আছে। বিজেপিলৈ আহিলে ভূপেন বৰাক বিজেপি দলৰ পৰা বিধায়ক কৰাৰো চেষ্টা কৰিম'।

Advertisment
Advertisment