Advertisment

পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? গৌৰৱ গগৈৰ ২ সন্তানক কিয় ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাই? ৰিপুণ বৰা, ৰকিবুল হুছেইন, জিতেন্দ্ৰ সিঙৰ জৰিয়তে নহয় গৌৰৱ গগৈয়ে নিজেই স্পষ্টকৈ কওক এই কথা। গৌৰৱ গগৈলৈ এই আহ্বান অখিল গগৈৰ।

 File Photo
File Photo

পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? গৌৰৱ গগৈৰ ২ সন্তানক কিয় ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাই? ৰিপুণ বৰা, ৰকিবুল হুছেইন, জিতেন্দ্ৰ সিঙৰ জৰিয়তে নহয় গৌৰৱ গগৈয়ে নিজেই স্পষ্টকৈ কওক এই কথা। গৌৰৱ গগৈলৈ এই আহ্বান অখিল গগৈৰ।

Advertisment

Read More- বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

৮ ফেব্ৰুৱাৰী, দেওবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন বহুচৰ্চিত সংবাদমেল। এই সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য। সংবাদমেলতেই হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছিল গৌৰৱ গগৈ, পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈ আৰু আলী তৌকীৰ শ্বেখক লৈ বহু বিস্ফোৰক তথ্যও। লগতে মুখ্যমন্ত্ৰীয়ে কৈছিল- 'অসমৰ সাংসদৰ পাকিস্তানৰে সংযোগৰ বিষয়ে ক’বলগীয়া হোৱাটো বেদনাদায়ক'। ইয়াৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগও আনিছিল মুখ্যমন্ত্ৰীয়ে। 

Read More- কেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদমেলৰ পাছতেই নিশা বিধায়ক অখিল গগৈৰ ফেচবুক লাইভ। ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ চৰ্চা কৰিলে অখিল গগৈয়ে। আনহাতে ফেচবুক লাইভযোগে গৌৰৱ গগৈলৈও কেইবাটাও আহ্বান শিৱসাগৰৰ বিধায়কজনৰ। 

Read More- 'আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ নাহো'

গৌৰৱ গগৈলৈ অখিল গগৈৰ প্ৰশ্ন- 'গৌৰৱ গগৈৰ ২ সন্তানক কিয় ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাই? গৌৰৱ গগৈয়ে কাক বিয়া পাতিছে সেয়া তেওঁৰ ব্যক্তিগত স্বাধীনতা। কিন্তু মই ভাৱো, দেশৰ এজন সাংসদ হিচাপে আৰু এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে গৌৰৱ গগৈয়ে তেওঁৰ সন্তান দুটিক ভাৰতীয় নাগৰিকত্ব দিব লাগিছিল'। 

Read More-  'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছত আন এক আহ্বান জনালে অখিল গগৈৰ। অখিল গগৈৰ আহ্বান- 'গৌৰৱ গগৈয়ে পাকিস্তানলৈ কিয় গৈছিল, তাত গৈ কি কি কৰিছিল আৰু ক'ত থাকিছিল সকলোবোৰ কথা সংবাদমেল পাতি মুকলিকৈ ক'ব লাগে। যদি গৌৰৱ গগৈয়ে কিবা গণ্ডোগোলীয়া কাম কৰিছে তেনেহলে ভাৰত চৰকাৰেটো গৌৰৱ গগৈক কেতিয়াও ৰেহাই নিদিব, ভাৰত চৰকাৰৰ পৰা গৌৰৱ গগৈ বাছি নাযাব। আৰু যদি গৌৰৱ গগৈয়ে সছাকৈয়ে কিবা গণ্ডোগোলীয়া কাম কৰিছে তেনেহলে তেওঁ কংগ্ৰেছ দলৰ সভাপতিৰ পদটো এৰি দিব লাগে গৌৰৱে।  

Read More- কাইলৈৰ পৰা HSLC পৰীক্ষা

আনহাতে অখিল গগৈয়ে ক'লে- ৰিপুণ বৰা, ৰকিবুল হুছেইন, জিতেন্দ্ৰ সিঙৰ জৰিয়তে নহয় গৌৰৱ গগৈয়ে নিজেই মুখ্যমন্ত্ৰীৰ অনা অভিযোগ সন্দৰ্ভত স্থিতি স্পষ্ট কৰক। পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল, কোন তাৰিথৰ পৰা কোন তাৰিখলৈ পাকিস্তানত আছিল, পাকিস্তানলৈ যোৱাৰ উদ্দেশ্য কি আছিল সকলোবোৰ স্পষ্টভাৱে কবলৈ গৌৰৱ গগৈক আহ্বান জনালে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

Advertisment
Advertisment