Assamese'আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ নাহো'ধূলিত পোত গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ঠিকনা! ৫ মাহৰ পিছতো সম্পূৰ্ণ নহ’ল জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্য। এতিয়া ধূলিৰে আৱৰি পৰিছে জুবিন ক্ষেত্ৰ। চৌদিশে ধূলিময় পৰিৱেশ।Jyotiprasad Sarma Feb 09, 2026 10:49 IST'আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ নাহো'।কোনে কিয় এনেদৰে ক'লে?ধূলিত পোত গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ঠিকনা! ৫ মাহৰ পিছতো সম্পূৰ্ণ নহ’ল জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্য। এতিয়া ধূলিৰে আৱৰি পৰিছে জুবিন ক্ষেত্ৰ। চৌদিশে ধূলিময় পৰিৱেশ। ধূলিময়, অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি কলকাতাৰ পৰা অহা জুবিন অনুৰাগী ক্ষোভিত হ’ল! ফেচবুকত এই কথা উল্লেখ কৰি জুবিন ক্ষেত্ৰলৈ আৰু নাহো বুলি পণ ল’লে এগৰাকী কেব চালকে?AdvertismentAlso Read: মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফটা ঢোল বজোৱা আখ্যা অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ'আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ নাহো। কিয় আহিম? মোৰ আজি অসমীয়া বুলি ক'বলৈ লাজ লাগিছে। ভাৰা এটা লৈ আহিছো, কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব। জুবিন ক্ষেত্ৰ চাই কৈছে কি ভাইটি জুবিন ক্ষেত্ৰত অকল দেখোন ধূলা আৰু ধূলা। লাজ লাগিছে, কি কম আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক এনেদৰে ধূলাৰ মাজত ৰাখি থৈছে। পানী মৰা মানুহ এটাও নাই। পানী মৰাত চৰকাৰ ব্যৰ্থ আজি। আজি বাহিৰৰ মানুহ আহি জুবিন ক্ষেত্ৰত লাজ দি গৈছে। এই অৱস্থা! প্ৰাণৰ জুবিন দা আজি ধূলিৰ মাজত'। প্ৰাণৰ জুবিন দা আজি ধূলিৰ মাজত। বাহিৰৰ পৰ্যটকে ক'লে- জুবিনক্ষেত্ৰত অকল ধূলি আৰু ধূলি। পৰ্যটকৰ সন্মুখত লজ্জিত হৈ এজন কেৱ চালকে এনেদৰে উজাৰিলে ক্ষোভ। সামাজিক মাধ্যমত ভাইৰেল হৈছে কেব চালকজনৰ ভিডিঅ'।Also Read: এখন ফটোৱে পোহৰলৈ আনিছিল গৌৰৱ গগৈৰ পাক-সংযোগঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেব চালকজনৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আবেগিক পোষ্টেৰে সামাজিক মাধ্যমত উজাৰিলে ক্ষোভ। গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে এনেদৰে...অৱহেলিত, উপেক্ষিত আৰু এলাগী হৈ ৰ'ব নেকি জুবিনক্ষেত্ৰ? সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য যতনেৰে শান্তিত জিৰণি ল'বলৈ তেওঁৰ প্ৰাণৰ অসমখনতো আমি ব্যৱস্থা কৰি দিবলৈ অপাৰগনে?ইফালে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও জুবিন ক্ষেত্ৰকলৈ সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গ'ল। পামী বৰঠাকুৰে ফেচবুকত লিখিলে এনেদৰে...শ্ৰদ্ধা, মৰম, আদৰ, দায়িত্ববিলাক যেন ম্লান পৰি গৈছে সময়ৰ সোঁতত! জুবিন গাৰ্গে অসমখন আৰু অসমীয়াক বিশ্বপটত উজ্বলাই গ'ল আৰু আমি তেওঁৰ শেষ জিৰণিৰ ঠাই টুকুৰাও চিকুণ কৈ ৰাখিব পৰা নাই!কিয় জুবিন ক্ষেত্ৰৰ Construction বন্ধ হৈ আছে? কিয় এতিয়াও জুবিন ক্ষেত্ৰখন চলাবলৈ এটা Proper System কৰা হোৱা নাই? চৰকাৰ, ৰাইজ সকলো ইমান উদাসীন কিয় জুবিন ক্ষেত্ৰক লৈ? জুবিন ক্ষেত্ৰক বিশ্ব মানদণ্ডৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰকএয়ে আমাৰ অনুৰোধ জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ মূৰব্বী লৈ।AdvertismentAdvertisment Read the Next Article