Advertisment

হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন প্ৰায় দুটা পষেক। জুবিন গাৰ্গৰ মৃত্যুৰ দুটা পষেকৰ পাছত জুবিন গাৰ্গক লৈ পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো শ্বেয়াৰ কৰিলে গৰিমাই লিখিছে- 'মোক উত্তৰ লাগে'। 

 FilePhoto
FilePhoto

হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট 

হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন প্ৰায় দুটা পষেক। জুবিন গাৰ্গৰ মৃত্যুৰ দুটা পষেকৰ পাছত জুবিন গাৰ্গক লৈ পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো শ্বেয়াৰ কৰিলে গৰিমাই লিখিছে- 'মোক উত্তৰ লাগে'। 

Advertisment

অভিশপ্ত ১৯ ছেপ্তেম্বৰ, অসমীয়াৰ বাবে এটা কলা দিন। এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ পাছত সামাজিক মাধ্যমত প্ৰথমটো পোষ্ট গৰিমা শ‌ইকীয়া গাৰ্গৰ।  #JusticeForZubeenGarg লিখি ন্যায় বিচাৰিছে হাৰ্টথ্ৰৱৰ পত্নী আৰু ভগ্নীয়ে। 

সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে অচিৰেই পুনৰ দেখা হ'ব বুলি উল্লেখ কৰি গৰিমাই লিখিছে- The last one for this life...But we will be together again,,very soon Goldie ! 

গৰিমা শইকীয়া গাৰ্গে লিখিছে যে,  এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ। এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..#JusticeForZubeenGarg

আনহাতে জুবিন গাৰ্গক লৈ ভগ্নী পাল্মী বৰঠাকুৰৰো আৱেগিক পোষ্ট। ভগ্নী ড০ পাল্মী বৰঠাকুৰেও লিখিছে- আকৌ তই ' মমন ' বুলি মাতিবি.... যেতিয়া লগ পাম সীমনাৰ সিপাৰে.... এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব! ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক

কায়িকভাৱে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। কিন্তু প্ৰতিজন অসমীয়াই আজীৱন বুকুৰ মাজত জীয়াই ৰাখিব মৰমৰ জুবিন গাৰ্গক। জুবিনবিহীন অসম এতিয়াও কোনেও মানি লব পৰা নাই, নোৱাৰেও। কি কাৰণত আমি জুবিন গাৰ্গক হেৰুবাৱ লগা হ'ল- এই জুইকুৰা কিন্তু প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে। 

গতিকে ৰাজ্যবাসীৰ এটাই আশা, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে হওক, শীঘ্ৰেই পোহৰলৈ আহক জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। শীঘ্ৰে ন্যায় পাওক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।