Advertisment

এখন ফটোৱে পোহৰলৈ আনিছিল গৌৰৱ গগৈৰ পাক-সংযোগঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি সংবাদমেল আয়োজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

 এখন ফটোৱে পোহৰলৈ আনিছিল গৌৰৱ গগৈৰ পাক-সংযোগঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি সংবাদমেল আয়োজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Advertisment

Also Read....দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দল

এক দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্ত পেলাই অৱশেষত দিছপুৰ লোকসেৱা ভৱনত আয়োজন কৰা হয় সংবাদমেলখন। উল্লেখ্য যে, সংবাদমলত SITৰ মুন্না প্ৰসাদ গুপ্তা, SSP ৰ'জী কলিতা, অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, চন্দ্ৰ মোহন পাটোৱাৰী, প্ৰশান্ত ফুকন উপস্থিত থাকে। 

Also Read...জোনাইত বিধ্বংসী অগ্নিকাণ্ড


গৌৰৱ গগৈৰ পাক-সংযোগ সন্দৰ্ভত সংবাদমেল পাতি মুখ্যমন্ত্ৰীয়ে কয়, আমাৰ জাতিটোৰ বাবে এয়া অতি দুখৰ দিন। ২০১৫ চনৰ ১৪ ছেপ্টেম্বৰত এই তথ্য পোহৰলৈ আহিছিল। মুখ্যমন্ত্ৰীৰ ভাষ্যমতে, যুৱ প্ৰজন্মৰ এটা দলক পাকিস্তান এমবেচীলৈ লৈ গৈছিল গৌৰৱ গগৈয়ে। সেইসময়ত মই ছিংগাপুৰত থাকোঁতে মোৰ হোৱাইটছএপত এখন ফটো পাইছিলো। প্ৰথমে মই ভাবিছিলোঁ ফটোখন ভুৱা কোনোবাই ভুৱা ফটোখন প্ৰচাৰ কৰি আছে। কিন্তু কংগ্ৰেছৰ নেতাই দাবী কৰিলে এয়া সত্য, তাৰ পাছত তদন্ত আৰম্ভ হ'ল। তদন্তত পোহৰলৈ আহিল পাকিস্তানৰ আলী টৌকীৰ শ্বেখৰে থকা সম্পৰ্কৰ তথ্য।


লগতে সংবাদমেলত আৰু কয়, গৌৰৱ গগৈক কংগ্ৰেছে সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। গৌৰৱৰ পৰিয়াল আলী টৌকীৰ শ্বেখৰ ঘনিষ্ঠ। '২০১০ চনৰ পৰা ২০১৩ চনলৈ  বহুবাৰ ভাৰতলৈ আহিছিল আলী টৌকীৰ শ্বেখ। যেতিয়া দেশত নৰেন্দ্ৰ মোদী চৰকাৰ গঠন হ'ল তাৰপাছত এবাৰো ভাৰতলৈ অহা নাই আলী টৌকীৰ শ্বেখ। আলী টৌকীৰ ভাৰতলৈ আহি দিল্লীৰ এখন সৰু হোটেলত আছিল। আলী টৌকীয়ে এলিজাবেথক লীড পাকিস্তানত চাকৰি দিছিল। তাৰ পৰাই ভাৰতলৈ বদলি হৈছিল এলিজাবেথ। কিন্তু তেওঁ পাকিস্তানৰ পৰাই দৰমহা পাই আছিল এলিজাবেথে বুলিও সংবাদমেলত সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Also Read...মুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰিলে মছজিদৰ মিঞা ইমামে!

ইপিনে পাকিস্তানৰ গৃহমন্ত্ৰালয়ৰ সৈতে গৌৰৱৰ সুসম্পৰ্ক আছিল বুলিও কয় মুখ্যগৰাকীয়ে। গৌৰৱ গগৈ পাকিস্তানত ১০ দিন আছিল। লগতে আৰু কয়,জিণ্টু গগৈক হত্যা কৰা পাকিস্তানে কিয় গৌৰৱ গগৈক ৰঙা দলিচা পাৰি দিছিল? আমি এলিজাবেথ কলবাৰ্ণক জেৰা কৰিছিলোঁ। গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল কাক লগ পাইছিল সুধিছিলোঁ। এলিজাবেথে আমাক কোনো উত্তৰ দিয়া নাছিল।

ইয়াৰ পাছতেই গৌৱৰ গগৈৰ পত্নীসহ দুই সন্তানৰ ধৰ্মকলৈও মন্তব্য কৰে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেখন ঘৰতে তিনিজন সদস্য খ্ৰীষ্টান আৰু এজন হিন্দু,মানে গৌৰৱ গগৈ নিজৰ ঘৰতে সংখ্যালঘু। নিজৰ ঘৰতে সংখ্যালঘু হৈ গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ ওলাইছে।

Also Read...ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা-সৰকা বিধায়ক অখিল গগৈৰ।

Advertisment
Advertisment