Assameseজোনাইত বিধ্বংসী অগ্নিকাণ্ডধেমাজিৰ জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড। দহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান, আৱাসগৃহ ভস্মীভূত হয়। অগ্নিকাণ্ডত নষ্ট হয় বহু সা-সম্পত্তি। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।Jyotiprasad Sarma Feb 08, 2026 13:11 ISTজোনাইত বিধ্বংসী অগ্নিকাণ্ড Photograph: (DY365)জোনাইত বিধ্বংসী অগ্নিকাণ্ডদহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূতধেমাজিৰ জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড। দহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান, আৱাসগৃহ ভস্মীভূত হয়। অগ্নিকাণ্ডত নষ্ট হয় বহু সা-সম্পত্তি।Advertismentজোনাই আৰক্ষী থানাৰ অন্তৰ্গত জোনাই বজাৰত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডত বজাৰৰ প্ৰায় দহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাসগৃহ নিমিষতে ভস্মীভূত হয়। Also Read: দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দলখবৰ অনুসৰি জোনাই বজাৰৰ হনুমান মন্দিৰৰ সমীপত থকা এখন দোকানৰ পৰা হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্ততে জুইৰ লেলিহান শিখাই কাষতে থকা আন কেইবাখনো দোকানলৈ বিয়পি পৰে আৰু অতি কম সময়ৰ ভিতৰতে জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে। লগে লগে অঞ্চলজুৰি এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি। Also Read: ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা-সৰকা বিধায়ক অখিল গগৈৰ।এই ভয়াৱহ অগ্নিকাণ্ডত কপোৰৰ দোকান, ইলেকট্রনিক সামগ্ৰীৰ দোকান, মোবাইল আৰু বেটাৰীৰ দোকানকে ধৰি বহু সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০–৫০ লাখ টকাৰো অধিক সা-সম্পত্তি ধ্বংস হোৱা বুলি অনুমান কৰা হৈছে। অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।Also Read: তিনিচুকীয়াৰ ফিল’বাৰীত শিক্ষকৰ নিৰ্মম প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনী আৰু অৰুণাচল প্ৰদেশৰ ৰুকচীন-পাছিঘাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ বহু প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।AdvertismentAdvertisment Read the Next Article