Assameseফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা-সৰকা বিধায়ক অখিল গগৈৰ।শুকুৰবাৰে নিশা ফেচবুক লাইভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি থকা-সৰকা কৰিলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্যৰ বিৰোধিতা কৰি অখিল গগৈয়ে ফেচবুক লাইভযোগে কটু সমালোচনা কৰা দেখা পোৱা হৈছে।Estafur Rahman Feb 07, 2026 19:17 ISTশুকুৰবাৰে নিশা ফেচবুক লাইভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি থকা-সৰকা কৰিলে।AdvertismentAlso Read....শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্যৰ বিৰোধিতা কৰি অখিল গগৈয়ে ফেচবুক লাইভযোগে কটু সমালোচনা কৰা দেখা পোৱা হৈছে। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে অখিল গগৈক লৈ কৰা মন্তব্যৰ উত্তৰ দিলে ফেচবুক লাইভযোগে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ ফেচবুক লাইভ প্ৰায় ৪৩মিনিটৰ আছিল। ফেচবুক লাইভত অখিল গগৈয়ে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দি কয়, যিদিনা ৰাইজৰ দল বা অখিল গগৈ শাসনলৈ আহিব, সেইদিনাই এটা এটাকৈ বিদেশীক অসমৰ পৰা খেদা হ'ব। ইয়াৰ বিপৰীতে অসমীয়াসকলক একোখনকৈ পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব বুলিও কয় বিধায়ক গৰাকীয়ে।Also Read...অসমীয়া মাধ্যমত পঢ়ি বিশ্ব দৰবাৰত জিলিকিল অসম সন্তান যুগল তালুকদাৰহিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে ঘৃণা, বিদ্বেষ বা ভেদাভেদৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি তথা হিমন্ত চৰকাৰে। বিদেশী মুক্ত অসম গঢ়াৰ কথা কোৱা বিজেপি চৰকাৰখনে যোৱা ১০ বছৰত মাত্ৰ ১৬৭৬গৰাকী বিদেশীক খেদিব পাৰিছে বুলিও ফেচবুকত তথ্য দাঙি ধৰে বিধায়ক গগৈয়ে।অখিল গগৈয়ে লগতে কয়, আমাৰ চৰকাৰ আহিলে অসমৰ পৰা ১৬লাখ বিদেশীক আমি খেদিম। এন আৰ চিত যিহেতু ১৯ লাখ বিদেশী আছে বুলি কোৱা হৈছে। কিন্তু আপুনি সেই এন আৰ চি খন দলিয়াই পেলাই দিছে। কাৰণ এইখন এন আৰ চিৰ মতে কাম কৰিলে হিন্দু-বাংলাদেশী কেইটাকো খেদাব লাগিব।Also Read...মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধিবিদেশী খেদাৰ নামত বিজেপি আৰু হিমন্তই অসমবাসীক টুপি পিন্ধাইছে বুলিও কয় অখিল গগৈয়ে। এনেদৰেই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি প্ৰায় ৪৩মিনিট সময় ফেচবুক লাইভত গৰজি উঠিল বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । AdvertismentAdvertisment Read the Next Article