Assameseঅসমীয়া মাধ্যমত পঢ়ি বিশ্ব দৰবাৰত জিলিকিল অসম সন্তান যুগল তালুকদাৰবজালীৰ এখন অখ্যাত গাঁৱৰ পৰা অসমীয়া মাধ্যমত পঢ়ি বিশ্ব দৰবাৰত অসম সন্তান। পদাৰ্থ বিজ্ঞানৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান আমেৰিকান ফিজিকেল ছ'চাইটিৰ চেয়াৰমেনৰ দায়িত্বত বজালীৰ যুগল তালুকদাৰ। মেট্ৰিকত শীর্ষ স্থান লাভ কৰা যুগলৰ বিশ্বমুখী যাত্ৰা। Estafur Rahman Feb 07, 2026 15:42 ISTবজালীৰ এখন অখ্যাত গাঁৱৰ পৰা অসমীয়া মাধ্যমত পঢ়ি বিশ্ব দৰবাৰত অসম সন্তান। পদাৰ্থ বিজ্ঞানৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান আমেৰিকান ফিজিকেল ছ'চাইটিৰ চেয়াৰমেনৰ দায়িত্বত বজালীৰ যুগল তালুকদাৰ। মেট্ৰিকত শীর্ষ স্থান লাভ কৰা যুগলৰ বিশ্বমুখী যাত্ৰা। AdvertismentAlso Read...কাইলৈৰ পৰা টি-২০ বিশ্বকাপ, ভংগ হ'ব পাৰে পাকিস্তানৰ সপোনবজালীৰ পহুমাৰা নৈৰ কাষৰ গাঁওখনৰ পৰাই শৈশৱৰ শিক্ষাৰ পাতনি মেলা ছাত্ৰজন আজি জিলিকিছে সমগ্র বিশ্বৰে মেধাৰ দৌৰত। বজালীৰ মেধিকুছি গাৱঁৰ কাউৰা চুবুৰীৰ পৰা নিজ গাঁৱৰ শংকৰদেৱ শিশু নিকেতনত জীৱনৰ আদিপাঠ শিকি আগবাঢ়ি যায় শিক্ষাৰ দিশত। ২০১০ চনত শংকৰদেৱ শিশু নিকেতন, চৌখুটীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান দখল কৰি বজালী মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে। ২০১২ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰি ইঞ্জিনিয়াৰিং, মেডিকেল আদিত পঢ়াৰ সুযোগ লাভ কৰিও পদার্থ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয়।Also Read...‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!পৰৱৰ্তী সময়ত পুনেৰ 𝙄𝙉𝘿𝙄𝘼𝙉 𝙄𝙉𝙎𝙏𝙄𝙏𝙐𝙏𝙀 𝙊𝙁 𝙎𝘾𝙄𝙀𝙉𝘾𝙀 𝙀𝘿𝙐𝘾𝘼𝙏𝙄𝙊𝙉 𝘼𝙉𝘿 𝙍𝙀𝙎𝙀𝘼𝙍𝘾𝙃 ত নামভৰ্তি কৰি ২০১৭ চনত পদার্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত ছাত্রজনে হোমাৰ এলডোজ পদার্থ বিজ্ঞান আৰু জোতিবিজ্ঞান বিভাগৰ ফেল'শ্বিপৰ সহায়ত ওকলাহোমা বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্রী আৰু পিছত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰিনেহা নৰাঙৰ গৱেষণা গোটত কোৱান্টাম তথা বিজ্ঞানৰ গৱেষণা বিজ্ঞানী হিচাপে যোগদান কৰে। পদার্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান 𝘼𝙢𝙚𝙧𝙞𝙘𝙖𝙣 𝙥𝙝𝙮𝙨𝙞𝙘𝙖𝙡 𝙨𝙤𝙘𝙞𝙚𝙩𝙮 ৰ 𝙁𝙂𝙎𝘼 ইউনিটৰ চেয়াৰমেন পদত প্ৰথম জন অসমীয়া হিচাপে যোগদান কৰা যুগলে আমেৰিকাৰ সংসদ ভৱন কেপিটেল হিলত হোৱা এক আলোচনাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। বজালীৰ মেধিকুছিৰ নিবাসী মইনামতী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক জনক তালুকদাৰ আৰু একেখন বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কৌশল্যা তালুকদাৰ পুত্ৰ যুগল তালুকদাৰলৈ 𝙙𝙮 365 পৰিয়ালৰ তৰফৰ পৰা থাকিল অযুত শুভকামনা। Also Read....ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?AdvertismentAdvertisment Read the Next Article