Assameseকাইলৈৰ পৰা টি-২০ বিশ্বকাপ, ভংগ হ'ব পাৰে পাকিস্তানৰ সপোনকাইলৈৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনৰ পূৰ্বে চিৰবৈৰী পাকিস্তানৰ বাবে বেয়া খবৰ। ভংগ হ'ব পাৰে পাকিস্তানৰ ছুপাৰ ৮ত প্ৰৱেশৰ সপোন। Mrinmoy Talukdar Feb 06, 2026 19:50 ISTFile Photoকাইলৈৰ পৰা টি-২০ বিশ্বকাপ, ভংগ হ'ব পাৰে পাকিস্তানৰ সপোনকাইলৈৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনৰ পূৰ্বে চিৰবৈৰী পাকিস্তানৰ বাবে বেয়া খবৰ। ভংগ হ'ব পাৰে পাকিস্তানৰ ছুপাৰ ৮ত প্ৰৱেশৰ সপোন। AdvertismentRead More- ইডেন গাৰ্ডেনত ঘটিব অভিষেক! ২২ গজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইটালীটি-২০ বিশ্বকাপৰ পূৰ্বেই পাক অনুৰাগীলৈ বেয়া খবৰ। শেহতীয়াভাৱে বিশ্বকাপ আৰম্ভণিৰ পূৰ্বেই বিতৰ্কক লৈ চৰ্চাত আছে পাক দলটো। ইতিমধ্যেই ভাৰতৰ বিৰুদ্ধে ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ লীগ পৰ্যায়ৰ খেলো বয়কট কৰিছে পাকিস্তানে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কলম্বোত বিগত দিনকেইটাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। যাৰ বাবে বাতিল হ'ব পাৰে পাকিস্তানৰ খেলসমূহ। Read More- ভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?এনে পৰিপ্ৰেক্ষিতত যদি কালি নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া খেলখন পৰিত্যক্ত হয় আৰু আৰু ১২ ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া খেলখনো বাতিল হ'বলগীয়া হয় তেনেহলে পাকিস্তানে দুয়োখন খেলৰ পৰা মাত্ৰ দুই পইণ্টহে লাভ কৰিব। আনহাতে ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া খেলখনো বয়কট কৰিছেই। গতিকে পাকিস্তানৰ বাবে এইবাৰ চুপাৰ ৮ত প্ৰৱেশৰ সপোন সহজ নহ'ব। ইতিমধ্যেই বিগত বিশ্বকাপত আমেৰিকাৰ হাতত পৰাস্ত হৈছিল পাকিস্তান। গতিকে এইবাৰ আমেৰিকাকো সহজভাৱে লব নোৱাৰিব পাকিস্তানে। Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটসেয়ে এতিয়া পাকিস্তানৰ বাবে প্ৰতিখন খেলেই ডু-অৰ-ডাই ৰূপত পৰিণত হৈছে। একপ্ৰকাৰ ভাৰতৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখন বয়কট কৰি নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰিলে নেকি পাকিস্তানে- তাৰ উত্তৰো কিছুদিন পাছত ক্ৰিকেটপ্ৰেমীয়ে পাব।AdvertismentAdvertisment Read the Next Article