Assameseভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?টীম ইণ্ডিয়াৰ দুৰ্দান্ত ফৰ্মক লৈ শংকিত পাকিস্তান! ভাৰতৰ হাতত আকৌ এবাৰ ধৰাশায়ী হোৱাৰ ভয়তেই ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে? প্ৰকৃততে কিয় ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰ্জন কৰিলে পাকিস্তানে?Mrinmoy Talukdar Feb 02, 2026 19:52 ISTFile Photoভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?Advertismentটীম ইণ্ডিয়াৰ দুৰ্দান্ত ফৰ্মক লৈ শংকিত পাকিস্তান! ভাৰতৰ হাতত আকৌ এবাৰ ধৰাশায়ী হোৱাৰ ভয়তেই ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে? প্ৰকৃততে কিয় ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰ্জন কৰিলে পাকিস্তানে?Read More- চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনলৈ আৰু কেইটামান দিন। কিন্তু এইপৰ্যন্ত টি-২০ বিশ্বকাপক লৈ বিতৰ্ক অব্যাহত আছে। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা এই বিশ্বকাপত প্ৰথমতে বাংলাদেশ ক্ৰিকেট বৰ্ডে সুৰক্ষাজনিত কাৰণত নিজৰ খেলসমূহ ভাৰতৰ পৰিৱৰ্তে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ ICCক অনুৰোধ জনাইছিল যদিও ICCয়ে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ এই অনুৰোধ নস্যাত কৰে। ICCএ অনুৰোধ প্ৰত্যাখ্যান কৰাৰ পাছতেই বাংলাদেশে বিশ্বকাপ বৰ্জন কৰাৰ হুংকাৰ দিছিল। তাৰ পাছতেই ICCয়ে বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰিছিল। Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটকিন্তু ইয়াতেই বিতৰ্কই শাম কটা নাই। বাংলাদেশৰ পাছত এইবাৰ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আগন্তুক গ্ৰুপ মেচ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ বিৰুদ্ধে গ্ৰুপ মেচ বৰ্জন কৰাৰ সিদ্ধান্তৰ পাছতেই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পাকিস্তানৰ অধিনায়ক ছলমান আঘাই কয় যে , "আমি বিশ্বকাপ খেলিবলৈ যাম। কিন্তু ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত আমাৰ নহয়। গতিকে আমি ইয়াৰ বাবে একো কৰিব নোৱাৰো। আমাৰ চৰকাৰ আৰু পিচিবিৰ মুৰব্বীয়ে যি ক'ব আমি তাকেই কৰিম।"Read More- বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!আনহাতে BCCIৰ প্ৰাক্তন সভাপতি অনুৰাগ ঠাকুৰেও এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অনুৰাগ ঠাকুৰে কয় যে, পাকিস্তান ক্ৰিকেট বৰ্ডে পৰাজয়ৰ ভয়তেই ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছে। লগতে তেওঁ কয় যে, আগন্তুক বিশ্বকাপত ভাৰতে পুনৰ পাকিস্তানক পৰাস্ত কৰিব। আৰু খেল অনুষ্ঠিত হোৱাৰ পূৰ্বেই পাকিস্তানে পৰাজয় মানি লৈছে। গতিকে পৰাজয়ৰ পৰা হাত সাৰিবলৈ পাকিস্তানে বয়কটন নাটক কৰিছে। এইটো পাকিস্তানৰ পুৰণি অভ্যাস।Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়কিন্তু শেহতীয়া সময়ত দুৰ্দান্ত ফৰ্মত আছে টীম ইণ্ডিয়া। দুৰ্দান্ত ফৰ্মত আছে টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী বলাৰ আৰু বেটছমেন। একপ্ৰকাৰ টি-২০ ক্ৰিকেটত এতিয়া অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। বিগত সময়ত অষ্ট্ৰেলিয়াক অষ্ট্ৰেলিয়াৰ মাটিত পৰাস্ত কৰাৰ পাছত শেহতীয়াকৈ ঘৰুৱা শৃংখলাতো কিৱি বাহিনীক ৪-১ৰ ব্যৱধানত ধৰাশায়ী কৰিছে নিউজিলেণ্ডক। গতিকে টীম ইণ্ডিয়াৰ এই দুৰ্দান্ত ফৰ্মৰ বাবেই হয়তো ভয়াতুৰ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছে।AdvertismentAdvertisment Read the Next Article