Advertisment

ইডেন গাৰ্ডেনত ঘটিব অভিষেক! ২২ গজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইটালী

প্ৰথমবাৰলৈ ক্ৰিকেট বিশ্বকাপ খেলিব ইটালীয়ে। ফুটবল বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ পাছত এইবাৰ বিশ্ব ক্ৰিকেটত নিজক প্ৰমাণ কৰিবলৈ সাজু ইটালী। পোনপ্ৰথমবাৰৰ বাবে ২২ গজত আৰু বিশ্বকাপৰ মঞ্চত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইউৰোপীয়ান দেশখন।

 File Photo
File Photo

ইডেন গাৰ্ডেনত ঘটিব অভিষেক! ২২ গজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইটালী


প্ৰথমবাৰলৈ ক্ৰিকেট বিশ্বকাপ খেলিব ইটালীয়ে। ফুটবল বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ পাছত এইবাৰ বিশ্ব ক্ৰিকেটত নিজক প্ৰমাণ কৰিবলৈ সাজু ইটালী। পোনপ্ৰথমবাৰৰ বাবে ২২ গজত আৰু বিশ্বকাপৰ মঞ্চত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইউৰোপীয়ান দেশখন।

Advertisment

Read More- ভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। এইবাৰৰ বিশ্বকাপত অভিষেক ঘটিব ইটালীৰ। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা টি-২০ বিশ্বকাপৰ কোৱালিফায়াৰ মেচত নেদাৰলেণ্ডক পৰাস্ত কৰি টি-২০ বিশ্বকাপ খেলিবলৈ যোগ্যতা অৰ্জন কৰিছিল ফুটবলৰ ইতিহাসৰ অন্যতম সফল দল ইটালীয়ে। 

Read More- চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা

ইতিমধ্যে বিশ্বকাপৰ বাবে ইটালীয়ে নিজৰ ১৫ জনীয়া দল ঘোষণা কৰিছে। ইটালীৰ ক্ৰিকেট বৰ্ডৰ বাবে এয়া প্ৰথমটো ICC ইভেণ্ট । সেয়েহে এই প্ৰতিযোগিতাখনে দলটোৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে। সমান্তৰালভাৱে বিশ্বকাপতেই নিজক প্ৰতিষ্ঠা কৰিবলৈও সাজু হৈছে ইটালী। 

Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট

উল্লেখ্য যে টি-২০ বিশ্বকাপৰ বাবে ইটালীৰ দলটোক গ্ৰুপ Cত অন্তৰ্ভুক্ত কৰা হৈছে। এই গ্ৰুপ Cত থকা অন্যতম দলকেইটা হৈছে স্কটলেণ্ড, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু নেপাল। অহা ৯ ফেব্ৰুৱাৰীত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত স্কটলেণ্ডৰ বিৰুদ্ধে খেলি ইটালীয়ে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।

Read More- বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!

আনহাতে বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি ইটালীৰ ক্ৰিকেট ব’ৰ্ডে ৱেইন মেডচেনক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। ৪২ বছৰীয়া ৱেইন মেডচেনে দীৰ্ঘদিন ধৰি ইটালীৰ ক্ৰিকেটৰ সৈতে জড়িত হৈ থকাৰ লগতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে থকা তেওঁৰ অভিজ্ঞতা দলটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও প্ৰমাণিত হ’ব পাৰে। মেডচেনৰ নেতৃত্বত ইটালীয়ে বিশ্বকাপত কেনেধৰণৰ প্ৰদৰ্শনৰ কৰিব ইয়াৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। আনহাতে ইটালীৰ দলটোৰ আন এটা উল্লেখযোগ্য নাম হৈছে জে জে স্মাটছ। স্মাটছে ২০২১ চনলৈকে দক্ষিণ আফ্ৰিকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল আৰু এতিয়া টি-২০ বিশ্বকাপত ইটালীক প্ৰতিনিধিত্ব কৰিব। স্মাটছৰ দৰে খেলুৱৈয়ে ইটালীৰ বেটিঙ লাইনআপ শক্তিশালী কৰিব বুলি আশা কৰিছে ইটালীৰ ক্ৰিকেট ব’ৰ্ডে।

Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা ইটালীৰ দলটো-  ৱেইন মেডচেন (অধিনায়ক), মাৰ্কাছ কেম্পোপিয়ানো (উইকেটকীপাৰ), জিয়ান পিয়েৰো মিড, জেইন আলী, আলী হাছান, খ্ৰীষ্টিয়ান জৰ্জ, হেৰী মানেন্টি, এন্থনী মস্কা, জাষ্টিন মস্কা, চৈয়দ নাকভি, বেঞ্জামিন মানেন্টি, যশপ্ৰীত সিং, জে জে স্মাটছ, গ্ৰাণ্ট ষ্টুৱেৰ্ট, থমাছ ড্ৰাকা।

Advertisment
Advertisment