Assameseমেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধিমেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি। নিহতৰ ভিতৰত ৮জন শ্ৰমিক অসমৰ বুলি চিনাক্ত কৰা হৈছে। কয়লাখনিটোত এতিয়াও বহু শ্রমিক আবদ্ধ হৈ থকাৰো সন্দেহ কৰা হৈছে। Estafur Rahman Feb 07, 2026 15:41 ISTমেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি। নিহতৰ ভিতৰত ৮জন শ্ৰমিক অসমৰ বুলি চিনাক্ত কৰা হৈছে।AdvertismentAlso Read....'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-কয়লাখনিটোত এতিয়াও বহু শ্রমিক আবদ্ধ হৈ থকাৰো সন্দেহ কৰা হৈছে। অবৈধ কয়লাখনিৰ বিস্ফোৰণৰ ঘটনাত কাছাৰৰ কাটিগড়াৰ ৬ শ্ৰমিকৰ মৃত্যু।শ্রীভূমি,হাইলাকান্দিৰ এজনকৈ শ্ৰমিকৰ মৃত্যু। বর্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে। এতিয়াও চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে ৭জনকৈ শ্রমিক। অবৈধভাৱে কয়লাখনি চলাই থকা ২ মালিকক গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি দুয়ো পতি-পত্নী। ইতিমধ্যে আৰক্ষীয়ে ৩ দিনৰ জিম্মাত প্ৰেৰণ কৰিছে ফর্ম ছাইৰমাং আৰু শ্বমেহী ৱাৰক। Also Read....‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!মেঘালয়ৰ অবৈধ কয়লাখনিত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই কাছাৰ জিলা প্ৰশাসনে মুকলি কৰিছিল হেল্পলাইন নম্বৰ। কেৱল হেল্পলাইন নম্বৰে নহয় ঘটনা খবৰ পাইয়ে মেঘালয়ৰ ঘটনাস্থলীত কাছাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু কাটিগড়াৰ চক্ৰ বিষয়া যাত্রাকান্ত কর্মকাৰ আৰু দুর্যোগ মুকাবিলা বিভাগৰ প্রতিনিধি গৈ ঘটনাস্থলীত উপস্থিত হয়। কোনো কাৰণতে যাতে অসমৰ শ্ৰমিকে আৱদ্ধ হৈ থাকিব নোৱাৰে তাক লৈ নজৰ ৰাখিছে কাছাৰ প্ৰসাশনে। Also Read....হ্ৰাস পালে সোণৰ দাম, সোণৰ বিপণীলৈ যোৱাৰ পূৰ্বে জানি লওক দাম! ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখজনক খবৰটো শুনিয়েই নিহত শ্ৰমিক সকলৰ পৰিয়ালৰ অৱস্থা বুজ ল’বলৈ প্ৰেৰণ কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক। মৃত শ্ৰমিক সকলৰ বাসগৃহলৈ গৈ পৰিয়ালৰ সদস্য সকলক সাক্ষাৎ কৰি বিধায়ক কমলাক্ষই কয়, অসম চৰকাৰৰ ফালৰ পৰা নিহত শ্ৰমিক সকলৰ পৰিয়ালৈ ৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে। Also Read...১৪ কোটি টকাৰ ড্ৰাগছ জব্দAdvertismentAdvertisment Read the Next Article