Advertisment

মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনা

মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনা। চৰকাৰী ভূমিত অবৈধভাৱে কয়লা খনন কৰিব গৈ বিস্ফোৰণ। খবৰ অনুসৰি ৩০ জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।

 মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনা

মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনা। চৰকাৰী ভূমিত অবৈধভাৱে কয়লা খনন কৰিব গৈ বিস্ফোৰণ। খবৰ অনুসৰি ৩০ জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।

Advertisment

Also Read....গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ?

কয়লাখনিত অবৈধভাৱে ৰেট হোল মাইনিং কৰিব গৈ বিস্ফোৰণত কেইবাজনো শ্ৰমিক সম্পূৰ্ণ ৰুপে জ্বলি গৈছে বুলি জানিব পৰা গৈছে। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ সকলো কয়লাখনি। অবৈধভাৱে ৰেট হোল মাইনিঙত সংঘটিত হোৱা ঘটনাত অসমৰ কাটিগড়াৰ দিলোৱাৰ হুছেইন আৰু তেওঁৰ ভাতৃ আনোৱাৰ হুছেইনৰ লগতে বিহাৰা এলেকাৰ ফাৰুক আহমেদ মৃত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত শ্বিলঙৰ পৰা উদ্ধাৰকাৰী দল উপস্থিত হৈছে। 

আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয় যে, এতিয়ালৈকে ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এতিয়াও উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাত চলি আছে। খনিৰ ভিতৰত এতিয়াও আৰু মৃতদেহ আৱদ্ধ হৈ থকাৰো বহু আশংকা কৰা হৈছে।  

Also Read...কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতিৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড!


মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত সংঘটিত হোৱা ঘটনাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া, এয়া অত্যন্ত দুখৰ খবৰ। মেঘালয়ৰ কয়লাখনিত কাম কৰিব গৈ অসমৰ শ্ৰমিকৰ মৃত্যুবৰণ হ'ব লগা হৈছে। কিছুদিন আগতে লিডু মাৰ্ঘেৰিটাৰ কয়লাখনিতো শ্ৰমিকৰ মৃত্যু হোৱা খবৰ পাইছিল। আৰু আজি মেঘালয়ত হোৱা ঘটনাটোক লৈ ৰাইজৰ দলে দুখ প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰিছো লগতে অসম চৰকাৰক দাবী জনাইছো অলপো সময় নষ্ট নকৰাকৈ মেঘালয়ৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কৰিব লাগে আৰু মৃত্যুবৰণ হোৱা শ্ৰমিকক অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে । প্ৰত্যেকটো মৃতকৰ পৰিয়ালক অতি কমেও ২০ লাখ টকাকৈ আৰ্থিক অনুদান দিয়াৰো দাবী উত্থাপন কৰিছো।

Also Read...মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!

Advertisment
Advertisment