Assameseকলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতিৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড!বিদ্যালয়ৰ সন্মুখত দোকান খুলি কিশোৰী ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি কলিতা নামৰ এটা লম্পটৰ বিৰুদ্ধে।Estafur Rahman Feb 05, 2026 16:14 ISTৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ ঘটনাৰ স্থান বঙাইগাওঁ জিলাৰ যোগীঘোপাৰ সাকোমুৰা।AdvertismentAlso Read....মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকবিদ্যালয়ৰ সন্মুখত দোকান খুলি বিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে দীপজ্যোতি কলিতা নামৰ এটা লম্পটৰ বিৰুদ্ধে। দীপজ্যোতি কলিতাই যোগীঘোপাৰ সাকোমুৰা দীনবন্ধু হাইস্কুলৰ সন্মূখত দোকান খুলি বিদ্যালয়খনৰ কেইবাগৰাকী কিশোৰী ছাত্ৰীক বহুদিনৰ পৰাই অশ্লীল ইংগিত দিয়াৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।অভিযোগ অনুসৰি বিদ্যালয়খনৰ ছাত্ৰী সকলে যেতিয়া দীপজ্যোতি কলিতাৰ দোকানলৈ যায়, তেতিয়াই ছাত্ৰীসকলৰ শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰে। বহুদিনৰ পৰাই দীপজ্যোতি কলিতাই বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগত এনে জঘন্য কাণ্ড কৰি আহিছিল কিন্তু ভয়ত কিশোৰী ছাত্ৰী সকলে এই কথা কবলৈ সাহস কৰা নাছিলে। অৱশেষত দীপজ্যোতি কলিতাৰ লজ্জাজনক কাণ্ড সহ্য কৰিব নোৱাৰি সাহস গোটাই লগে লগে বিদ্যালয়ৰ কতৃপক্ষক অৱগত কৰে ভুক্তভোগী ছাত্ৰী সকলে।Also Read...লোভনীয় দৰমহা ত্যাগ কৰি ৰাজনীতিলৈ কিয় জ্ঞানশ্ৰী বৰা?বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতেই ঘটনা সন্দৰ্ভত অভিভাৱকক জনোৱা হয়। অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই আলোচনাত মিলিত হৈ লম্পট দীপজ্যোতি কলিতাৰ বিৰুদ্ধে যোগীঘোপা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।Also Read...মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!মন কৰিবলগীয়া যে, দীপজ্যোতি কলিতা, সদৌ বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি বুলিও জানিব পৰা গৈছে। কলিতা জনগোষ্ঠীৰ বঙাইগাঁও জিলাৰ সভাপতিৰ নাম লৈ বিভিন্ন অসামাজিক কৰ্মত জড়িত থকাৰ উপৰিও শিল, বালি, ইটা ভাটা সমূহৰ পৰা চান্দা সংগ্ৰহ কৰাৰো দীপজ্যোতিৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । খবৰ অনুসৰি দীপজ্যোতি কলিতা এতিয়া পলাতক অৱস্থাত আছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। AdvertismentAdvertisment Read the Next Article