Assameseলোভনীয় দৰমহা ত্যাগ কৰি ৰাজনীতিলৈ কিয় জ্ঞানশ্ৰী বৰা?ড০ জ্ঞানশ্ৰী বৰাই চাকৰি এৰি নিৰ্বাচন খেলাৰ মন মেলিলে। পিছে কোন দলত যোগদান কৰিব সেই কথা খোলাকৈ নক'লেও পুনৰ যে অখিল গগৈৰ ৰাইজৰ দললৈ উভতিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলিব পাৰি।Estafur Rahman Feb 03, 2026 18:42 ISTপুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতিব ড০ জ্ঞানশ্ৰী বৰা। ইয়াৰ পূৰ্বে অখিল গগৈৰ সৈতে ভিন্ন কাম-কাজত সক্ৰিয়ভাৱে অংশ লোৱা ড০ জ্ঞানশ্ৰী বৰাই শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে চাকৰিত যোগদান কৰিছিল। কিন্তু হঠাৎ চাৰিওফালে খবৰ বিয়পি পৰিল ড০ জ্ঞানশ্ৰী বৰাই চাকৰি এৰি পুনৰ ৰাজনীতিলৈ উভতি আহিব বিচাৰিছে। অতি কম দিনতে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচন খেলাৰো মন মেলিছে ড০ জ্ঞানশ্ৰী বৰাই। Advertismentalso read.....মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!ড০ জ্ঞানশ্ৰী বৰাই চাকৰি এৰি নিৰ্বাচন খেলিব! পিছে কোন দলত যোগদান কৰিব সেই কথা খোলাকৈ নক'লেও পুনৰ যে অখিল গগৈৰ ৰাইজৰ দললৈ উভতিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি। এতিয়া প্ৰশ্ন হয়, ড০ জ্ঞানশ্ৰী বৰাই পিছে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে? জ্ঞানশ্ৰী বৰাৰ জন্মস্থান গোলাঘাটৰ খুমটাই আৰু স্বামী গৃহ হৈছে তিনিচুকীয়াৰ মাকুম। তিনিচুকীয়া অথবা খুমটাইৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে নেকি জ্ঞানশ্ৰী বৰাই? ইয়াৰ সমান্তৰালকৈ চৰ্চিত হৈছে জ্ঞানশ্ৰী বৰাই আচলতে যোগদান কৰিব কোনটো ৰাজনৈতিক দলত? অহা বুধবাৰে তেওঁ সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিব মূলত এক আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰো পূৰ্ণ সম্ভাৱনা আছে। আঞ্চলিক দলটোৱে ২০২৬ত টিকট প্ৰদানৰ নিশ্চিতি দিয়াৰ বাবেই চাকৰি এৰিব লগা হ'ল নেকি জ্ঞানশ্ৰী বৰাৰ? প্ৰাপ্ত খবৰ অনুসৰি, মৰিয়নী সমষ্টিৰ পৰা আঞ্চলিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব জ্ঞানশ্ৰীয়ে। যদিহে এই খবৰ সঁচা হয়, তেন্তে ২০২৬ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ বিপক্ষে এগৰাকী সবল প্ৰাৰ্থী হ'ব উচ্চ শিক্ষিত জ্ঞানশ্ৰী বৰা। আনফালে খুমটাই বা দেৰগাঁও সমষ্টিৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চৰ্চা চলিছে। এতিয়া সময়ে ক'ব চাকৰি এৰি উচ্চ শিক্ষিত জ্ঞানশ্ৰী বৰাই কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব।also read....পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰালোভনীয় দৰমহাৰ চাকৰি এৰি ৰাজনীতিলৈ ঢাপলি মেলা জ্ঞানশ্ৰীয়ে সাংবাদিকৰ আগত কয়, 'যিহেতু মই আগতে সক্ৰিয়ভাৱে ৰাজনীতিৰ লগত জড়িত হৈ আছিলো। তাৰপাছত চাকৰি সুত্ৰে ৰাজনীতিৰ পৰা কিছু দূৰত যাব লগা হয় যদিও বহু শুভাকাংশীয়ে মোক বাৰে বাৰে প্ৰশ্ন কৰিছিল তুমি কিয় ৰাজনীতি এৰিলা। তোমাৰ দৰকাৰ আছিল ৰাজনীতিত। তাৰপাছতো মই চাকৰি কৰি আছিলো। কিন্তু এতিয়া সময় আহিছে চাকৰি এৰি ৰাজনীতিত ভৰি দিয়াৰ। আজিৰ ৰাজনৈতিক যি প্ৰেক্ষাপট চলি আছে, আচলতে যিবোৰ কথাৰ আলোচনা হ'ব লাগিছিল তেনেবোৰ কথাৰ আলোচনা হোৱা নাই। ৰাজনীতিৰ নামত গালি-গালাজ, ব্যক্তিগত আক্ৰমণ আদি কথাবোৰ আজিৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে। প্ৰকৃত কথাবোৰৰ আলোচনা ক'তোৱে হোৱা দেখা পোৱা নাযায়। এনেবোৰ কথা আজিৰ ৰাজনীতিত চলি থাকিলে কেতিয়াও আমাৰ সমস্যাবোৰ সমাধান নহয়'। নাৰীৰ সৱলীকৰণৰ ক্ষেত্ৰতো জ্ঞানশ্ৰীয়ে কয়, 'আজিৰ তাৰিখত ক'ৰবাত নাৰীৰ ভূমিকা বহু পিছৱাই গৈছে। বিধানসভাতো নাৰীৰ উচ্চস্বৰৰ কোনো কণ্ঠ আমি শুনিবলৈ নাপাওঁ। সমাজৰ হকে, ৰাইজৰ হকে কাম কৰাৰ হেঁপাহ আছে। এতিয়া কেৱল আপোনালোকৰ আৰ্শীবাদেই হ'ব অসমৰ মংগল'। AdvertismentAdvertisment Read the Next Article