Advertisment

পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা

চিএম ভিজিলেন্সে মঙলবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰাক। গুৱাহাটীৰ মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। ইয়াৰ পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা। 

 পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা Photograph: (DY365)
পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা Photograph: (DY365)

দুৰ্নীতিৰ পাহাৰ!


পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা

চিএম ভিজিলেন্সে মঙলবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰাক। গুৱাহাটীৰ মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। ইয়াৰ পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা। 

Advertisment

মঙলৰবাৰে পুনৰ গ্ৰেপ্তাৰ হ'ল ACS বিষয়া নূপুৰ বৰা। চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্থ বিষয়াগৰাকীক। বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে এচিএছ বিষয়া নূপুৰ বৰাক। এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছিল ৩২/২৫ত গোচৰ। বহুলোকৰ ভূমি জালিয়াতিৰে নামজাৰি কৰাৰ অভিযোগ নূপুৰ বৰাৰ বিৰুদ্ধে। লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ নামজাৰি কৰিছিল এইগৰাকী নূপুৰ বৰাই। বৰপেটাত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে চলাইছে অভিযান। অভিযানত সন্দেহজনক ৭০গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰিছে চিএম ভিজিলেন্সে। জব্দ কৰা ভূমিৰ নথি-পত্ৰ পুনৰীক্ষণৰ বাবে চিএম ভিজিলেন্সে প্ৰেৰণ কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষলৈ। নথি-পত্ৰত বিসংগতি ধৰা পৰাৰ পাছতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় নুপূৰ বৰাক। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়লৈ লৈ যোৱা হয় নুপূৰ বৰাক। 

Also Read: ১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ!

আয়তকৈ প্ৰায় ৫০০% বৰ্হিভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা। বহু দামী দামী সাজপাৰ উদ্ধাৰ হৈছিল নুপুৰ বৰাৰ ঘৰৰ পৰা। বিভিন্ন বেংকৰ প্ৰায় ৯টা একাউণ্টৰ পাছবুক জব্দ কৰিছিল চিএম ভিজিলেন্সে। বৰপেটাত দুটাকৈ লকাৰৰ পৰা উদ্ধাৰ কৰিছিল ২৩ লাখ ৭৫ হাজাৰ টকা। গোটানগৰৰ বাসগৃহৰ পৰা জব্দ কৰিছিল ৯২ লাখ ৫০ হাজাৰ টকা। সৰ্বমুঠ ১ কোটি ৪৪ লাখ টকা জব্দ কৰিছিল তদাৰকী কোষে। বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত আছে নূপুৰ বৰাৰ মাটি। জালুকবাৰীত দুটাকৈ ফ্লেট আৰু গোটানগৰত এটা ফ্লেট আছে নূপুৰৰ। 

Also Read: কোনে কৈছে অসম এতিয়া উন্নয়নৰ শীৰ্ষত?

বৰপেটা সত্ৰৰ বহু ভূমি সন্দেহজনক লোকক নামজাৰি কৰি দিছিল নুপুৰে। বৰপেটাত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ২৮৪ গৰাকী লোকক অবৈধ প্ৰক্ৰিয়াৰে পঞ্জীয়ন কৰি দিছিল ভূমি। বৃহৎ ধনৰ বিনিময়ত নূপুৰে ভূমিখিনি পঞ্জীয়ন কৰিছিল একাংশ সন্দেহজনক লোকৰ নামত। বৰপেটা জিলা আয়ুক্তই ২৮৪ গৰাকী লোকৰ ভূমি জালিয়াতিৰ তথ্য প্ৰদান কৰিছে তদাৰকী কোষক। জিলা আয়ুক্তই দিয়া তথ্যসমূহৰ মূল্যায়ন চলাই আছে তদাৰকী কোষে। কামৰূপৰ গৰৈমাৰীটো বহু লোকক অবৈধভাৱে ভূমি পঞ্জীয়ন কৰি দিছিল নূপুৰে। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা তদাৰকী কোষে বিচাৰিছে তথ্য। 

উল্লেখ্য যে, ২০১৯ বৰ্ষত চাকৰিত যোগদান কৰিছিল নুপুৰ বৰাই। ২০২৫ৰ ছেপ্টেম্বৰ মাহত চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল নূপুৰ বৰাক। 

Advertisment
Advertisment