Advertisment

পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নগাঁৱৰ ৰূপহীহাটত পিষ্টলসহ এটা ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। .32 পিষ্টল, ৩জাঁই সক্ৰিয় গুলী আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে। 

 পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত Photograph: (DY365)
পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত Photograph: (DY365)

পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নগাঁৱৰ ৰূপহীহাটত পিষ্টলসহ এটা ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। .32 পিষ্টল, ৩জাঁই সক্ৰিয় গুলী আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে। 

Advertisment

গণৰাজ্য দিৱসৰ পাক মুহুৰ্তত ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা। নগাঁৱৰ ৰূপহীহাটত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। ৰূপহীহাটৰ শিঙিমাৰীৰ এটা গাড়ীৰ গেৰেজৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা দুধৰ্ষ ডকাইতক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতটোৰ নাম চুলেমান আলী। ধৃত চুলেমান আলীৰ ঘৰ পশ্চিম শিঙিমাৰীত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে .32 পিষ্টল, ৩জাঁই সক্ৰিয় গুলী আৰু এটা মেগজিন। চুলেমান আলীৰ পৰা অবৈধ অস্ত্ৰৰ সৈতে ২০টাৰো অধিক ড্ৰাগছভৰ্তি কণ্টেইনাৰো জব্দ কৰিছে ৰূপহীহাট আৰক্ষীয়ে।

Also Read: এটি কলি দুটি পাত...

ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত সংঘটিত একাধিক ডকাইতি কাণ্ড, ড্ৰাগছ সৰবৰাহৰ সৈতেও জড়িত চুলেমান আলী। চুলেমান আলীক বৰ্তমান অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা?

উল্লেখ্য যে, ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা! ৰাজ্যৰ ভিন্ন প্ৰান্তত নিতৌ অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে। অপৰাধজনিত ঘটনা ৰোধৰ বাবে ঠায়ে ঠায়ে আৰক্ষীয়ে অভিযানো অব্যাহত ৰাখিছে। তাৰ মাজতো একাংশ দুষ্টচক্ৰৰ লোকে আৰক্ষী-প্ৰশাসনৰ ৰঙা চকুকো কেৰেপ নকৰি চলাই গৈছে অনৈতিক কাৰ্য। এতিয়া প্ৰশ্ন হয় কোনে ক'ৰ পৰা চলাই গৈছে অপৰাধজনিত কাৰ্যৰ নেটৱৰ্ক? কাৰ আশীৰ্বাদত কোনে কেনেকৈ ৰাজ্যত সংঘটিত কৰি আহিছে অপৰাধমূলক কাৰ্য? আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো কেনেকৈ ঘটি আহিছে অনৈতিক কাৰ্যসমূহ?

Advertisment
Advertisment