Advertisment

কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা?

দেশজুৰি ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা? Photograph: (DY365)
কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা? Photograph: (DY365)

কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা?

দেশজুৰি ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ইফালে দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

কাইলৈ ৭৭সংখ্যক গণৰাজ্য দিৱস। পেৰেডৰ অনুশীলনত ব্যস্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান, বীৰাংগনা, NCCৰ কেডাৰ, স্কাউট গাইড, NSS গোটৰ সকলো। গুৱাহাটীৰ খানাপাৰাত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। খানাপাৰাত পশু চিকিত্সা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এইবাৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’‍ব মিজোৰামৰ এটা দলেও। লগতে থাকিব সাংস্কৃতিক দল। আনহাতে ডিব্ৰুগড়ত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ খনিকৰৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰীয়ে। 

কোন মন্ত্ৰীয়ে ক’ত উন্মোচন কৰিব গণৰাজ্য দিৱসৰ পতাকা?
বজালীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উত্তোলন কৰিব পতাকা
তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই
চিৰাঙত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উত্তোলন কৰিব পতাকা
কামৰপ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিব পতাকা উত্তোলন
শোণিতপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংঘলে
মাহমৰা সমজিলাত মন্ত্ৰী যোগেন মহনে উত্তোলন কৰিব পতাকা
মন্ত্ৰী অজন্তা নেওগে পতাকা উত্তোলন কৰিব গোলাঘাটত
টিংখাং সমজিলাত মন্ত্ৰী বিমল বৰাই উত্তোলন কৰিব পতাকা
মন্ত্ৰী পীযুষ হাজৰিকাই জাগীৰোড সম জিলাত উত্তোলন কৰিব পতাকা
নলবাৰীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উত্তোলন কৰিব পতাকা
নগাঁৱত মন্ত্ৰী নন্দিতা গাৰ্লোছা, লখিমপুৰত মন্ত্ৰী প্ৰশান্ত ফুকনে কৰিব পতাকা উত্তোলন 
শিলচৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী কৌশিক ৰায়ে
শ্ৰীভূমিত মন্ত্ৰী কৃষ্ণেন্দু পালে কৰিব পতাকা উত্তোলন
ডুমডুমা সমজিলাত মন্ত্ৰী ৰূপেশ গোৱালাই কৰিব পতাকা উত্তোলন
বঙাইগাঁৱত মন্ত্ৰী চৰণ বড়োই উত্তোলন কৰিব পতাকা
তুলিৰাম ৰংহাঙে  ডিফুত উত্তোলন কৰিব পতাকা
কোকৰাঝাৰত BTCৰ CEM হাগ্ৰামা মহিলাৰীয়ে উত্তোলন কৰিব পতাকা
ওদালগুৰিত BTCৰ ডেপুটি CEM  ৰিহন দৈমাৰীয়ে কৰিব পতাকা উত্তোলল 
হাফলঙত DHACৰ CEM দেবুলাল গাৰ্লোছা
দুধনৈত সমজিলাত RHACৰ CEM টংকেশ্বৰ ৰাভাই উত্তোলন কৰিব পতাকা
শিৱসাগৰত অসম বিধান সভাৰ উপাধ্যক্ষ ডা০ নোমল মমিনে কৰিব পতাকা উত্তোলন

Advertisment
Advertisment