Advertisment

দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা

দিল্লীত গ্ৰেপ্তাৰ হ’ল অসমৰ এগৰাকী মহিলা। গণৰাজ্য দিৱসৰ তালাচীৰ মাজতে দিল্লী আৰক্ষীৰ জালত পৰিল ড০ আছমা বেগম নামৰ মহিলাগৰাকী। বাহনত ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল আছমা বেগমে। 

 দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা Photograph: (DY365)
দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা Photograph: (DY365)

দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা


কি অপৰাধত গ্ৰেপ্তাৰ কৰিলে আছমা বেগমক?

দিল্লীত গ্ৰেপ্তাৰ হ’ল অসমৰ এগৰাকী মহিলা। গণৰাজ্য দিৱসৰ তালাচীৰ মাজতে দিল্লী আৰক্ষীৰ জালত পৰিল ড০ আছমা বেগম নামৰ মহিলাগৰাকী। বাহনত ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল আছমা বেগমে। 

Advertisment

অসমৰ মহিলাক দিল্লীত গ্ৰেপ্তাৰ। দিল্লী আৰক্ষীৰ জালত পৰিল ড০ আছমা বেগম। বাহনত ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল আছমা বেগমে। এখন ইন’ভাত ব্যৱহাৰ কৰিছিল ‘কূটনৈতিক’ নম্বৰ প্লেট। গণৰাজ্য দিৱসৰ তালাচীৰ মাজতে দিল্লী অৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড০ আছমা বেগমক। ড০ আছমা বেগমে ভুৱা নম্বৰ প্লেটৰ বাহনেৰে কেন্দ্ৰীয় মন্ত্ৰী, দূতাৱাসলৈ যোৱাৰো অভিযোগ উত্থাপন। বসন্ত বিহাৰত বহুকেইখন ৰাষ্ট্ৰৰ দূতাৱাসলৈ ভুৱা পৰিচয়েৰে গৈছিল আছমা বেগম। ১৫ জানুৱাৰীত দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰে আছমা বেগমক। 

Also Read: চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি!

খবৰ অনুসৰি কোনো এখন দেশৰ দূতাবাসৰ গাড়ী নম্বৰ প্লেট ভুৱাকৈ ব্যবহাৰ কৰি আছিল আছমা বেগমে। ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আছমা বেগমক। আছমা বেগমৰ পৰা আৰু বহুকেইখন নাম্বাৰ প্লেট উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে। 

ড০ আছমা বেগমে আৰক্ষীক বিদেশী দূতাৱাসৰ প্ৰতিনিধি বুলি নিজকে দিছিল চিনাকি। ৰিপাব্লিক পাৰ্টী অব্ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সম্পাদিকা হিচাপে দাবী ধৃত আছমা বেগমৰ। কেইবাটাও ক্ৰীড়া সন্থাৰ লগতো জড়িত গুৱাহাটীৰ আছমা বেগম। প্ৰকাশিত খবৰ অনুসৰি ধৃত ৪৫ বছৰীয়া আছমা বেগমৰ ঘৰ গুৱাহাটীত।  

Also Read: এটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকে

আৰক্ষীৰ ওচৰত আছমা বেগমে উল্লেখ কৰে যে, তেওঁ পূৰ্বতে এটা বিদেশী ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ত পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। লগতে কয় যে, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত ক্ৰীড়া গাইড হিচাপে কাম কৰিছিল আৰু বৰ্তমান Consultancy হিচাপে জড়িত হৈ আছে বুলিও উল্লেখ কৰে। 

Advertisment
Advertisment