Assameseএটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকেঅসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এজন যুৱকে লৈছে এক বিশেষ পদক্ষেপ। এটা গঁড় লগত লৈ ভাৰতৰ ৬-৭খন ৰাজ্য ভ্ৰমণ কৰিব যুৱকজনে।Jyotiprasad Sarma Jan 24, 2026 12:10 ISTএটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকে Photograph: (DY365)আৰম্ভ এশিঙীয়া গঁড় ৰোড শ্ব'-২০২৬এটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকেঅসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এজন যুৱকে লৈছে এক বিশেষ পদক্ষেপ। এটা গঁড় লগত লৈ ভাৰতৰ ৬-৭খন ৰাজ্য ভ্ৰমণ কৰিব যুৱকজনে।Advertismentঅসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে দীৰ্ঘদিন ধৰি ব্যক্তিগতভাৱে কাম কৰি আহিছে এজন যুৱকে৷ কিশোৰ অৱস্থাৰ পৰাই এই কামত জড়িত যুৱকজন হৈছে সুহান মল্লিক৷ এশিঙীয়া গঁড় নিধনৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মানাহকে ধৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ প্ৰচাৰৰ বাবেও বহু উল্লেখযোগ্য কাৰ্যসূচী হাতত লৈছে সুহান মল্লিকে। যাৰ বাবে তেওঁক গঁড় বন্ধু উপাধিও দিয়া হৈছে৷Also Read: নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীএইবাৰ মল্লিকে লৈছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ এটা গঁড় লগত লৈ ভাৰতৰ ৬-৭খন ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকে। এই ৰাজ্যসমূহৰ চহৰ আৰু মেট্ৰ' চহৰলৈও যাব মল্লিকে। ইতিমধ্যে গঁড়টো লগত লৈ আজি শনিবাৰে মানাহৰ পৰা ৰাওনা হৈছে সুহান মল্লিক৷ অৱশ্যে আপুনি ভবা মতে এয়া কোনো জীৱন্ত গঁড় নহয়। গঁড়ৰ এটা প্ৰতিমূৰ্তি হে লগত লৈ যাব সুহান মল্লিক। অসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু পৰ্যটনৰ প্ৰচাৰৰ বাবে গঁড় বন্ধু সুহান মল্লিকে ভ্ৰমণ কৰিব দেশৰ কেইবাখনো ৰাজ্য৷ এই যাত্ৰাৰ নাম দিয়া হৈছে এশিঙীয়া গঁড় ৰোড শ্ব'-২০২৬৷ ইয়াৰ পূৰ্বেও ১৪খন ৰাজ্য ভ্ৰমণ কৰিছিল গঁড় বন্ধু মল্লিকে৷ তেওঁ উল্লেখ কৰা মতে অসমৰ বাহিৰৰ ৰাজ্যৰ বহু মানুহ এশিঙীয়া গঁড় সন্দৰ্ভত অৱগত নহয় বা সজাগো নহয়৷ সেয়ে এই ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে৷ মানাহৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব’টো আন ৰাজ্যসমূহ ঘূৰি পৰৱৰ্তী সময়ত পবিতৰাত অন্ত পৰিব৷ Also Read: ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱউল্লেখ্য যে শনিবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই ৰোড শ্ব'ৰ শুভাৰম্ভ কৰা হয়৷ শুভাৰম্ভ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়া-কৰ্মচাৰী, বনবিভাগৰ লোক, স্থানীয় লোক উপস্থিত থাকে৷ ইফালে অনুষ্ঠানত উপস্থিত থাকি বন বিষয়াসকলে গঁড় বন্ধু সুহান মল্লিকৰ এই প্ৰচেষ্টাক আদৰণি জনায়৷AdvertismentAdvertisment Read the Next Article