Assameseচৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি!এফালে গুণোত্সৱ পাতি চৰকাৰী শিক্ষাৰ উত্তৰণৰ চেষ্টা। আনফালে চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি! তামুলপুৰৰ গোৰেশ্বৰৰ বগৰীবাৰীত চৰকাৰী বিদ্যালয়ৰ চৰম দুৰ্গতি। জৰাজীৰ্ণ গৃহতে ছাত্ৰ-ছাত্ৰীক পাঠদান দিছে শিক্ষাগুৰুৱে। Jyotiprasad Sarma Jan 24, 2026 13:03 ISTচৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি! Photograph: (DY365)চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি!জৰাজীৰ্ণ বাঁহৰ ঘৰত শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰএফালে গুণোত্সৱ পাতি চৰকাৰী শিক্ষাৰ উত্তৰণৰ চেষ্টা। আনফালে চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি! তামুলপুৰৰ গোৰেশ্বৰৰ বগৰীবাৰীত চৰকাৰী বিদ্যালয়ৰ চৰম দুৰ্গতি। জৰাজীৰ্ণ গৃহতে ছাত্ৰ-ছাত্ৰীক পাঠদান দিছে শিক্ষাগুৰুৱে। বিহুৰাম বড়ো প্ৰাথমিক বিদ্যালয়ৰ চৰম দুৰাৱস্থাই উদঙাইছে শিক্ষাখণ্ডৰ প্ৰকৃত ছবি। Advertismentতামুলপুৰৰ গোৰেশ্বৰৰ বগৰীবাৰীত চৰকাৰী বিদ্যালয়ৰ অচলাৱস্থা। জৰাজীৰ্ণ গৃহত চলিছে বগৰীবাৰীৰ বিহুৰাম বড়ো প্ৰাথমিক বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী। ১৯৯০ চনতে প্ৰতিষ্ঠা হৈছিল এই বিহুৰাম বড়ো প্ৰাথমিক বিদ্যালয়খন। আৰু ২০১৩ চনত চৰকাৰীকৰণ হয় এই বিদ্যালয়খন। পৰৱৰ্তী সময়ত গৃহ নিৰ্মাণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰক আৰ্থিক অনুদান বিচাৰি আবেদন কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাত বৰ্তমান প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ দৰমহাৰ টকাৰে বাঁহেৰে নিৰ্মাণ কৰা ভগ্নপ্ৰায় এটা গৃহত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব লগা হৈছে। বৰষুণ দিলেই বিদ্যালয়খনত বন্ধ হয় পাঠদান। বৰষুণ দিলে পানী পৰা বিদ্যালয়খনত পকী গৃহ আৰু চৌহদৰ দেৱালকে ধৰি পৰ্যাপ্ত আন্তগাঁথনি নাই। নাই এটি শৌচাগাৰ, নাই এটি প্ৰস্ৰাৱগাৰ। পৰ্যাপ্ত আন্তঃগাঁথনি একেবাৰে নাই এই বিদ্যালয়খনত। Also Read: এটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকেপূৰ্বৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে শিক্ষা বিভাগৰ কাৰ্যালয়ত স্কুল গৃহ বিচাৰি আবেদন-নিবেদন কৰিও সুফল নাপালে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে।বিটিচিত অন্তৰ্ভুক্ত গোৰেশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গৃহ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান দিবলৈ অসম চৰকাৰৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীলৈ কাতৰ আহ্বান বিদ্যালয়খনৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজৰ। Also Read: নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীচৰকাৰী পক্ষই চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়ন হোৱা বুলি সততে কৈ অহিছে যদিও প্ৰকৃততে শিক্ষা খণ্ডৰ উন্নয়ন হৈছে নে? চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ কিমান উন্নয়ন হৈছে সেয়া বিহুৰাম বড়ো প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাই দাঙি ধৰিছে। AdvertismentAdvertisment Read the Next Article