Advertisment

জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ...

দৰিদ্ৰতায়ো হাৰ মনাব নোৱৰা এগৰাকী কিশোৰী। জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ। দুচকুত আকাশ চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ। কণ্ঠশিল্পী হোৱাৰ অদম্য বাসনা লৈ আগবাঢ়িছে কিশোৰীগৰাকী।

 জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ... Photograph: (DY365)
জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ... Photograph: (DY365)

জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ...

দৰিদ্ৰতায়ো হাৰ মনাব নোৱৰা এগৰাকী কিশোৰী। জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ। দুচকুত আকাশ চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ। কণ্ঠশিল্পী হোৱাৰ অদম্য বাসনা লৈ আগবাঢ়িছে কিশোৰীগৰাকী।

Advertisment

এজাক বৰষুণ দিলেই আনৰ ঘৰলৈ ঢপলিয়াব লাগে কিশোৰীগৰাকী। জহি-খহি যোৱা পঁজাত থকাটো দুৰ্বিষহ হৈ পৰে বৰষুণৰ বতৰত। তেনে এক পৰিৱেশৰ মাজতে এগৰাকী কিশোৰীয়ে জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ। কণ্ঠশিল্পী হোৱাৰ অদম্য বাসনা লৈ আগবাঢ়িছে নিজৰা দেৱী। 

Also Read: হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত জ্যোতিকা

হয় আজি আমি ক’বলৈ ওলাইছো ধেমাজি বিধানসভা সমষ্টিৰ গোগামুখ চেলাজান গাঁৱৰ এটি পৰিয়ালৰ কাহিনী। যি কাহিনী শুনিলে আপোনাৰ দুচকু সেমেকি উঠিব। 

আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটোৰ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰী নিজৰা দেৱী। নিজৰাৰ হেঁপাহ এগৰাকী কণ্ঠশিল্পী হোৱাৰ। দুচকুত আকাশ চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ নিজৰাৰ। দৰিদ্ৰতাকো নেওচি নিজৰাই কৰি গৈছে সংগীত চৰ্চা। সমান্তৰালভাৱে আগবঢ়াই নিছে পঢ়া-শুনাও। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ সন্তান নিজৰাই নিজৰ কেৰিয়াৰ গঢ়াত যিখিনি উপযুক্ত সা-সুবিধা লাভ কৰিব লাগিছিল সেয়া এতিয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই। পিতৃ-মাতৃয়েও নিজৰাক দিব পৰা নাই যথোচিত সা-সুবিধা। আৰ্থিক দৈন্যতা হৈ পৰিছে তেওঁলোকৰ একমাত্ৰ সমস্যা। 

Also Read: মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই

চৰকাৰৰ উন্নয়নৰ বহু ঢাক-ঢোলৰ পিছতো পৰিয়ালটোক ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনি তথা সা-সুবিধাই। দৰিদ্ৰ সীমাৰেখা তলৰ হোৱাৰ পিছতো পঞ্চায়ত প্ৰতিনিধিৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই
আজিলৈকে অৰুণোদয় লাভ নকৰিলে নিজৰাৰ মাতৃৰ লগতে ৬০ৰ ঊৰ্ধৰ আইতাকে। লাভ নকৰিলে এটা চৰকাৰী আৱাস গৃহও। তদুপৰি মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিবলৈ সক্ষম নহ’ল নিজৰাৰ মাতৃয়ে। নিজৰাৰ আইতাকে চকুলো টুকি ক’লে দুখ-দুৰ্দশাৰ কথা, চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা। শীৰ্ঘ্ৰে এটি চৰকাৰী আৱাস গৃহৰ ব্যৱস্থা কৰি দিবলৈ নিজৰাই আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

Also Read: ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা

উল্লেখ্য যে, নিজৰাৰ পৰিয়াল এটি মাথোঁ উদাহৰণহে। এতিয়াও অঞ্চলে অঞ্চলে আছে তেনে বহু পৰিয়াল যিয়ে যোগ্য হৈও আজিও লাভ কৰা নাই চৰকাৰী আঁচনি তথা সা-সুবিধা। এতিয়া লক্ষণীয় হ’ব অনাগত সময়ত নিজৰাৰ দেৱীৰ পৰিয়ালে চৰকাৰী সা-সুবিধা লাভ কৰে নে নকৰে। নিজৰাৰ কণ্ঠশিল্পী হোৱাৰ সপোন সপোন হৈ ৰয় নে বাস্তৱত পৰিণত হয় সেয়া অনাগত সময়তহে পৰিলক্ষিত হ’ব।   

Advertisment
Advertisment