Assameseপথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজকমৰাণৰ খোৱাঙত পথৰ দুৰাৱস্থাত জীয়াতু ভুগিছে ৰাইজে। খোৱাং আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া দুলীয়া লাহোৱাল গাঁৱত পথৰ জৰাজীৰ্ণ অৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। Jyotiprasad Sarma Jan 20, 2026 12:17 ISTপথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজক Photograph: (DY365)পথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজক'২৬ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰমৰাণৰ খোৱাং দুলীয়াত পথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজক। '২৬ৰ নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ। পথ মেৰামতিৰ দাবীত দলে বলে ওলাই আহিল ৰাইজ। AdvertismentAlso Read: কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী?মৰাণৰ খোৱাঙত পথৰ দুৰাৱস্থাত জীয়াতু ভুগিছে ৰাইজে। খোৱাং আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া দুলীয়া লাহোৱাল গাঁৱত পথৰ জৰাজীৰ্ণ অৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। গাঁখনৰ মূল পথটো ইমানেই তথৈবচ হৈ পৰিছে যে গাড়ী-মটৰটো বাদে খোজকাঢ়ি যাবলৈও ৰাইজে চিন্তা কৰিবলগীয়া হয়। Also Read: হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত জ্যোতিকামূল পথটোৰ এটা অংশ খোৱাং সমষ্টি আৰু আনটো অংশ টিংখাং সমষ্টিৰ অন্তৰ্গত। পথটোত ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসীয়ে যাতায়াত কৰাত যমৰ যাতনা ভোগ কৰিবলগা হৈছে। Also Read: 'মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব'-অখিল গগৈস্থানীয় খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে একাংশ ৰাইজে। ক্ষোভিত ৰাইজে সেয়ে দলে বলে ওলাই আহি ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে পথটো মেৰামতি কৰাৰ দাবী তুলিছে। যদিহে নিৰ্বাচনৰ আগত পথটো মেৰামতি নকৰে তেনেহ'লে ৰাইজে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে। পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।Also Read: ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মাAdvertismentAdvertisment Read the Next Article