Advertisment

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী?

গুৱাহাটী মহানগৰী গণেশপাৰাত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি। চিনেমাৰ কায়দাৰে সদাব্যস্ত গণেশপাৰাত সংঘটিত হ'ল শিহৰণকাৰী ডকাইতি। পিষ্টল আৰু ডেগাৰ লৈ চাৰিজনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস।

 কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? Photograph: (DY365)
কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? Photograph: (DY365)

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী?


চিনেমাৰ কায়দাৰে গণেশপাৰাত ডকাইতৰ লুটপাত

অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী! কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? গুৱাহাটী মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। 

Advertisment

গুৱাহাটী মহানগৰী গণেশপাৰাত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি। চিনেমাৰ কায়দাৰে সদাব্যস্ত গণেশপাৰাত সংঘটিত হ'ল শিহৰণকাৰী ডকাইতি। পিষ্টল আৰু ডেগাৰ লৈ চাৰিজনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস। গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ এটা অট্টালিকাত ঘটিল এই ঘটনা। অনিল ডেকা নামৰ এজন ব্যৱসায়ীজনৰ ঘৰত ডকাইতৰ দলৰ লুটপাত। 

Also Read: জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ...

হাতত অস্ত্ৰলৈ মুখত ক’লা কাপোৰ পৰিধান কৰি বগা ৰঙৰ এখন বাহনত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো। ঘৰত কোনো নথকা অৱস্থাত অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক পিষ্টল আৰু ডেগাৰেৰে আক্ৰমণ কৰে চাৰিটাকৈ ডকাইতে। সেইসময়ত কন্যাক বিমানবন্দৰত থ’বলৈ গৈছিল ব্যৱসায়ী অনিল ডেকা। ডকাইতৰ দলে অনিল ডেকাৰ পত্নী কৰবী ডেকাক ডেগাৰেৰে কৰে আক্ৰমণ। ডকাইতৰ দলটোৱে মুখত পিষ্টল সুমুৱাই লুটি নিলে নগদ ধন, সোণ, আ-অলংকাৰ। 

Also Read: হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত জ্যোতিকা

স্নেহাশ্ৰয় অট্টালিকাটোৰ গেট খুলি বীৰ দৰে ঘৰটোত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে। হিন্দীভাষী অস্ত্ৰধাৰী ডকাইতৰ দলে কৰবী ডেকা আৰু চালক মনোজক বাৰে বাৰে আক্ৰমণ কৰে। প্ৰথমে ডকাইতৰ দলটোৱে ৫ লাখ টকা দাবী কৰিছিল। ডকাইতৰ দলে কৰবী ডেকাৰ হাতৰ আঙঠিটো দিছিল চকু। আঙঠি খুলি দিব কৈছিল কৰবী ডেকাক। আঙঠি খুলিব নোৱৰাত আঙুলি কাটি দিবলৈও চেষ্টা কৰিছিল ডকাইকেইটাই। উপায়ন্তৰ হৈ কৰবী ডেকাই চাবোন লগাই খুলি দিয়ে হাতৰ তিনিটাকৈ আঙঠি। কৰবী আৰু গাড়ী চালক মনোজক বেয়াকৈ মাৰধৰ কৰে ডকাইকেইটাই। 

Also Read: মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই

ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰসহ সকলো মূল্যবান সামগ্ৰী দলটোৱে লুটি লৈ যায়। ডকাইতিৰ সমগ্ৰ লোমহৰ্ষক দৃশ্য আবদ্ধ হৈছে CCTV কেমেৰাত। ঘটনাস্থলীত ফটাশিল আমবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। 

গুৱাহাটী মহনগীৰৰ জনবসতিপূৰ্ণ এলেকাত গণেশপাৰাত সংঘটিত এই ডকাইতিৰ ঘটনাই মহানগৰবাসীক শংকিত কৰি তুলিছে। স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত সাধাৰণ ৰাইজ কিমান সুৰক্ষিত তাকলৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন। 

Advertisment
Advertisment