Advertisment

এটি কলি দুটি পাত...

অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিৰ পাছত এইবাৰ ৰাজ্যত শুভাৰম্ভ 'এটি কলি দুটি পাত' আঁচনিৰ। চাহনগৰী ডুমডুমাত 'এটি কলি দুটি পাত' আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

 এটি কলি দুটি পাত... Photograph: (DY365)
এটি কলি দুটি পাত... Photograph: (DY365)

এটি কলি দুটি পাত...

অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিৰ পাছত এইবাৰ ৰাজ্যত শুভাৰম্ভ 'এটি কলি দুটি পাত' আঁচনিৰ। চাহনগৰী ডুমডুমাত 'এটি কলি দুটি পাত' আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Advertisment

অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে এক সুখবৰ৷ চাহ জনগোষ্ঠীৰ লোকসকলে অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ। আজি দেওবাৰে তিনিচুকীয়াৰ ডুমডুমাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে 'এটি কলি দুটি পাত' আঁচনিৰ। ডুমডুমাৰ চামদাং চাহ বাগিচাত 'এটি কলি দুটি পাত' আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Also Read: কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা?

'এটি কলি দুটি পাত' আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব ৫ হাজাৰকৈ টকা। ৩০২ কোটি টকা ব্যয়ৰে ৬ লাখৰো অধিক চাহ শ্ৰমিক আৰু কৰ্মচাৰীক সামৰি ল’ব এই আঁচনিয়ে। এই আচঁনিখনে ৰাজ্যখনৰ চাহ বাগিচাসমূহৰ ৬ লাখৰো অধিক শ্ৰমিক আৰু কৰ্মচাৰীক ৫ হাজাৰকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰিব। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা বাবে এই আঁচনি আৰম্ভ কৰে ৰাজ্য চৰকাৰে। চাহ উদ্যোগলৈ চাহ শ্ৰমিকে আগবঢ়োৰা অনন্য অৱদানৰ বাবে এই আঁচনি হাতত লয় ৰাজ্য চৰকাৰে। ২৫ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। 

Also Read: গুৱাহাটীত নহয় উচ্ছেদ

চাহ শ্ৰমিকৰ বাবে ভ্ৰাম্যমাণ মোবাইল টয়লেট আৰু মোবাইল ক্ৰেচ আঁচনিৰ শুভাৰম্ভণি কৰা হয় আজি। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা চাহ শ্ৰমিকৰ মাটি পাট্টা দিয়াৰ কামো আৰম্ভ হ'ব ৰাজ্যত। বাগিচা অঞ্চলত আৰু ১০০খন হাইস্কুল স্থাপন কৰাৰো পৰিকল্পনা ৰাজ্য চৰকাৰৰ

'এটি কলি দুটি পাত' আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে শ্ৰমমন্ত্ৰী ৰূপেশ গোৱলা, বিধায়ক বলিন চেতিয়া, বিধায়ক সুৰেণ ফুকন।

Advertisment
Advertisment