Advertisment

গুৱাহাটীত নহয় উচ্ছেদ

গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয়। উচ্ছেদ হ'লেও কেৱল মিঞাৰহে হ'ব, অসমীয়াৰ নহয়। পাহাৰত থকা মিঞালৈহে যাব উচ্ছেদৰ জাননী। গুৱাহাটীত উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 

 গুৱাহাটীত নহয় উচ্ছেদ Photograph: (DY365)
গুৱাহাটীত নহয় উচ্ছেদ Photograph: (DY365)

গুৱাহাটীত নহয় উচ্ছেদ


মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয়। উচ্ছেদ হ'লেও কেৱল মিঞাৰহে হ'ব, অসমীয়াৰ নহয়। পাহাৰত থকা মিঞালৈহে যাব উচ্ছেদৰ জাননী। গুৱাহাটীত উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 

Advertisment

Also Read: মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিগত কেইবাদিনো ধৰি গুৱাহাটীৰ কেইবাটাও পাহাৰত উচ্ছেদ চলিব বুলি বেছ চৰ্চা চলি আছিল। ৰাইজৰ মাজত এই বিষয়টো চিন্তাৰ কাৰণ হৈ পৰা পৰিলক্ষিতও হৈছিল। কিন্তু এই সকলোবোৰ চিন্তা-চৰ্চাৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ কেইবাটাও পাহাৰত চলিবলগীয়া উচ্ছেদ প্ৰসংগত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে, 

‘গুৱাহাটীৰ পাহাৰত থকা মিঞালৈহে দিয়া হ’ব উচ্ছেদৰ জাননী’
‘উচ্ছেদৰ জাননী নাযায় গুৱাহাটীৰ পাহাৰত থকা অসমীয়ালৈ’
‘অসমত কেৱল মিঞাকহে কৰা হ'ব উচ্ছেদ’
‘অসমীয়াৰ কেনেকৈ উচ্ছেদ হ’ব?’
‘পাহাৰত থকা মিঞালৈহে যাব উচ্ছেদৰ জাননী’
গুৱাহাটীত উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইদৰে আজি মন্তব্য কৰে। ইয়াৰ লগতে উচ্ছেদক লৈ অসমীয়া ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

Also Read: জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলে স্বস্তিৰ নিশ্বাস পেলাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলি থকাৰ মাজতে গুৱাহাটীৰ পাহাৰতো উচ্ছেদ চলিব বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণাই গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকৰ মাজত যি শংকাৰ সৃষ্টি কৰিছিল সেয়া দূৰ কৰিলে।  


উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰে বেদখলকৃত চৰকাৰী ভূমি উদ্ধাৰৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰে উচ্ছেদ অভিযান চলাই ইতিমধ্যে শ শ বিঘা ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। উচ্ছেদ অভিযান চলি থাকিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণাকৰিছে। 

Advertisment
Advertisment