Assameseজুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰজুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰযোগে আহ্বান জনালে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ। Jyotiprasad Sarma Jan 24, 2026 15:58 ISTজুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ Photograph: (DY365)জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰবিশেষ আদালত গঠনৰ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰজুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰযোগে আহ্বান জনালে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ। Advertismentশনিবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। স্মাৰকপত্ৰত দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰখনত স্বাক্ষৰ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ কুমাৰ বৰঠাকুৰে।Also Read: দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলাআজি অৰ্থাৎ শনিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমযোগে এই কথা জনালে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত স্মাৰকপত্ৰ শ্বেয়াৰ কৰি গৰিমা শইকীয়া গাৰ্গে লিখিছে...'ভাৰতবৰ্ষৰ গৌৰৱান্বিত ৭৭তম গণৰাজ্য দিৱস পালনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ প্ৰণাম জনোৱাৰ লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰণ ...প্ৰতিটো দিন ৰাতি এতিয়া মাথোঁ এটাই আমাৰ লক্ষ্য .. জুবিন গাৰ্গে সম্পূৰ্ণ সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব। দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব'। Also Read: চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি!জুবিন গাৰ্গে সম্পূৰ্ণ সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব...। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত এই দাবী জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ বাবে বিশেষ আদালত গঠনৰ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। ছিংগাপুৰৰ সৈতে কূটনৈতিক আৰু আইনী ব্যৱস্থা সুচল কৰাৰো আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত স্মাৰকপত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এইদৰে আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে। AdvertismentAdvertisment Read the Next Article