Assameseকোনে কৈছে অসম এতিয়া উন্নয়নৰ শীৰ্ষত? A FOR আপেল নহয়, A FOR ASSAM বুলি বাৰে বাৰে দাবী কৰি অহা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত এতিয়াও পেটৰ তাড়নাত ঘৰ এৰি বহিঃৰাজ্যলৈ যাব লগা হৈছে শ শ যুৱক!Estafur Rahman Feb 03, 2026 14:57 ISTমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দাবী কৰি আহিছে অসম এতিয়া ভাৰতৰ উন্নয়নৰ ৰাজ্যৰ ভিতৰত শীৰ্ষত। কিন্তু এই কথা কিমান সচাঁ ? A FOR আপেল নহয়, A FOR ASSAM বুলি বাৰে বাৰে দাবী কৰি অহা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত এতিয়াও পেটৰ তাড়নাত ঘৰ এৰি বহিঃৰাজ্যলৈ যাব লগা হৈছে শ শ যুৱক!Advertismentalso read....ইডেন গাৰ্ডেনত ঘটিব অভিষেক! ২২ গজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইটালীদুদিন পূৰ্বেই অসমৰ ৪ জনকৈ তেজাল যুৱকৰ বহিঃৰাজ্যত মৃত্যু হোৱা খবৰে সমগ্ৰ অসমবাসীক দুখত ম্ৰিয়মাণ কৰি তুলিছে । সেই খবৰ মাৰ নাযাওঁতেই পোহৰলৈ আহিছে দৰিদ্ৰতাই কোঙা কৰা ধেমাজিৰ এখন গাঁৱৰ কথা । ধেমাজিৰ এই বিশেষ গাঁৱৰ পৰা কেৱল পেটৰ তাড়নাত কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গুচি যাব লগা হৈছে গাঁওখনৰ কেইবাজনো যুৱক-যুৱতী৷ গাঁওখনত খেতি কৰিবলৈ পথাৰ আছে কিন্তু পানী হে নাই৷ চৰকাৰী আঁচনিয়েও ঢুকি নোপোৱা ধেমাজিৰ নিলখ তৰাণি পথাৰ গাঁৱৰ লোকসকলৰ মনৰ বেথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে খবৰ লৈছে নে? নিলখ তৰাণি পথাৰ গাঁৱৰ গৰিষ্ঠসংখ্যকে পোৱা নাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ, পোৱা নাই অনাময় আঁচনিৰ ঘৰ, নাই পোৱা অৰুণোদয় আঁচনিৰ সুবিধা৷ কেৱল অভাৱ আৰু অৱহেলাৰ বাবেই কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যাব লগা হৈছে গাঁওখনৰ বহু সংখ্যক যুৱক-যুৱতী৷ বহিঃৰাজ্যত কৰ্মৰত ইজনৰ পিছত সিজন শ্ৰমিকৰ মৃত্যুৰ খবৰে সকলোকে অন্তৰত আঘাত দিয়াৰ পিছতো উপযুক্ত কৰ্ম সংস্থাপনৰ অভাৱত ক্ষুধাৰ তাড়নাত অসমৰ পৰা বহিঃৰাজ্যলৈ যাবলগীয়া কথাটোৱে নিঃসন্দেহে এক ভয়ংকৰ খবৰ ৷also read....শুল্ক হ্ৰাসৰ সিদ্ধান্ত আমেৰিকাৰ! মাৰ্কিন ৰাষ্ট্ৰপতিক ধন্যবাদ মোদীৰগাঁৱখনৰ জ্যেষ্ঠ নাগৰিক সকলে সাংবাদিকৰ আগত গাঁওখনক লৈ বহু দুখ প্ৰকাশ কৰি কয় যে- চৰকাৰী কোনো সুবিধা নথকাৰ বাবেই গাঁওখনৰ প্ৰায়ভাগ ঘৰৰ যুৱক-যুৱতী গাঁও এৰি বাহিৰলৈ যাব লগা হৈছে । চৰকাৰী আঁচনি দিছে ঠিকেই কিন্তু চৰকাৰী আঁচনিৰ সুবিধা কেৱল গাঁওখনৰ বড়মূৰীয়া সকলে লাভ কৰিছে। বাৰে বাৰে অভিযোগ দিয়াৰ পাছতো কোনা সুবিধা লাভ কৰা নাই গাঁৱৰ পৰিয়াল তথা যুৱক-যুৱতী সকলে। গাঁওখনত কামৰ বাবে হাজিৰা কৰা মানুহ এজনো পাবলৈ নাই । ইমানেই অভাৱ-অভিযোগ যে গাঁও এৰি, ঘৰৰ বৃদ্ধ পিতৃ-মাতৃক এৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে যুৱক-যুৱতী সকলে।also read....উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান?চৰকাৰ-প্ৰশাসনে সঠিক সমযত সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত ব্যাপক প্ৰতিকূল প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত ৷ সচৰাচৰ চৰকাৰৰ স্বাৱলম্বন আৰু আত্মনিৰ্ভৰশীলতাৰ শ্লোগান ফুটুকাৰ ফেনত পৰিণত হ’ব!AdvertismentAdvertisment Read the Next Article