Advertisment

উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান?

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে ইটোৰ পাছত সিটো বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভুমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে এইবাৰ বৰাক উপত্যকাত চলিছে প্ৰশাসনৰ বুলড'জাৰ। 

 File Photo
File Photo

উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান?

Advertisment

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে ইটোৰ পাছত সিটো বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভুমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে এইবাৰ বৰাক উপত্যকাত চলিছে প্ৰশাসনৰ বুলড'জাৰ। 

 Read More- হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ ৰক্ষা নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ অবৈধ বেদখলকাৰীৰ ঘৰত পৰিছে প্ৰশাসনৰ হাতোৰা। এইবাৰ বৰাক উপত্যকাৰ ঘাৰামুৰা সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। 

Read More- অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

ঘাৰামুৰা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন। পুৱাৰে পৰা আৰম্ভ হৈছে এই উচ্ছেদ অভিযান। বনাঞ্চলখনৰ দামচ’ৰা অঞ্চলৰ ৫২২টা পৰিয়ালক কৰা হ'ব উচ্ছেদ। উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে বনাঞ্চলখনত মোতায়েন কৰা হৈছে ১৫০০ৰো অধিক নিৰাপত্তাৰক্ষী, ২০০ জনৰো অধিক বনকৰ্মী। 

Read More- অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী

আনহাতে হাইলাকান্দিত চলি থকা উচ্ছেদ অভিযানৰ বাবেই হাইলাকান্দি জিলা শিক্ষা বিভাগে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। উচ্ছেদ অভিযান চলি থকাৰ বাবেই দামছেৰা আৰু সংলগ্ন এলেকাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে। শিক্ষা বিভাগে জাৰি কৰা জাননী অনুসৰি নতুন নিৰ্দেশনী নহালৈকে বন্ধৰ সিদ্ধান্ত বাহাল থাকিব।

Read More- আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

আনহাতে উচ্ছেদস্থলীত পুৱাই উপস্থিত হৈছে স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ। উচ্ছেদিতৰ কাষত থিয় দি স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে ক'লে- বিজেপি চৰকাৰখনে বাছি বাছি ইছলামধৰ্মী লোকক উচ্ছেদ কৰিছে। ইয়াত বসবাস কৰা সকলো লোকেই ভাৰতীয় নাগৰিক। যদি ইয়াত এজনো বাংলাদেশী নাগৰিক আছে তেনেহলে চৰকাৰক গুলীয়াই মৰাৰো আহ্বান বিধায়কৰ। লগতে সুজাম উদ্দিন লস্কৰে কয় যে, মিজো আগ্ৰাসনৰ পৰা অসমৰ ভূমি এইসকল লোকেই ৰক্ষা কৰি আছে। সেয়ে 
ভূমিহীন পৰিয়ালসমূহক ভূমি আবণ্টন দিবলৈ চৰকাৰক অনুৰোধ জনাইছে বিধায়কগৰাকীয়ে।

Advertisment
Advertisment