Assameseশুল্ক হ্ৰাসৰ সিদ্ধান্ত আমেৰিকাৰ! মাৰ্কিন ৰাষ্ট্ৰপতিক ধন্যবাদ মোদীৰভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত। মোদীৰ সৈতে কথা-বতৰাৰ পাছতেই এই ঘোষণা ট্ৰাম্পৰ। ভাৰতীয় পণ্য শুল্ক ২৫%ৰ পৰা হ্ৰাস কৰি ১৮% কৰা হ’ব বুলি ট্ৰাম্পে কৰা ঘোষণাৰ পাছতেই মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। Mrinmoy Talukdar Feb 03, 2026 13:37 ISTFile Photoশুল্ক হ্ৰাসৰ সিদ্ধান্ত আমেৰিকাৰ! মাৰ্কিন ৰাষ্ট্ৰপতিক ধন্যবাদ মোদীৰভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত। মোদীৰ সৈতে কথা-বতৰাৰ পাছতেই এই ঘোষণা ট্ৰাম্পৰ। ভাৰতীয় পণ্য শুল্ক ২৫%ৰ পৰা হ্ৰাস কৰি ১৮% কৰা হ’ব বুলি ট্ৰাম্পে কৰা ঘোষণাৰ পাছতেই মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। AdvertismentRead More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰেভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সোমবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত আৰু আমেৰিকাৰ মাজত বহু প্ৰত্যাশিত বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰে। লগতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে কয় যে, আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্ক ২৫%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিব। Read More- উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান?ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টৰ জৰিয়তে এই বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰে। ট্ৰাম্পে লিখিছে, "আজি পুৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ। তেওঁ মোৰ অন্যতম ভাল বন্ধু আৰু ভাৰতবৰ্ষৰ এজন শক্তিশালী আৰু সন্মানীয় নেতা। আমাৰ কথা-বতৰাত বাণিজ্য আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাকে ধৰি বহুতো বিষয় সামৰি লোৱা হৈছিল।" লগতে ট্ৰাম্পে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত সন্মতি প্ৰকাশ কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি তাৰ পৰিৱৰ্তে আমেৰিকাৰ পৰা অধিক তেল ক্ৰয় কৰিব। Read More- মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰআনহাতে ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স হেণ্ডেলত পোষ্ট কৰে। এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পাই বৰ ভাল লাগিল। 'মেড ইন ইণ্ডিয়া' সামগ্ৰীৰ ওপৰত শুল্ক এতিয়া ১৮% লৈ হ্ৰাস কৰা হ'ব বুলি জানি মই অত্যন্ত আনন্দিত হৈছো। ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ এই আচৰিত ঘোষণাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।"Read More- ভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া দুখন বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰই একেলগে কাম কৰে তেতিয়া ই আমাৰ জনসাধাৰণক উপকৃত কৰে আৰু পাৰস্পৰিক লাভজনক সহযোগিতাৰ অপৰিসীম সুযোগ মুকলি কৰে। বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্ব অতি গুৰুত্বপূৰ্ণ। শান্তিৰ বাবে তেওঁৰ প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে। তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আমাৰ অংশীদাৰিত্বক অভূতপূৰ্ব উচ্চতালৈ লৈ যোৱাৰ বাবে মই আগ্ৰহী।AdvertismentAdvertisment Read the Next Article