Assamese১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ!জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুনৰ গৰজি উঠিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল(KSDC)। ১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা সংগঠনটোৰ। Jyotiprasad Sarma Feb 03, 2026 12:18 IST১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ! Photograph: (DY365)১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ!গৰজি উঠিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলজনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুনৰ গৰজি উঠিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল(KSDC)। ১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা সংগঠনটোৰ। Advertismentজনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আন্দোলনৰ হুংকাৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ। ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা KSDCৰ। ৰে’ল পথ অৱৰোধ কাৰ্যসূচীৰে অসম, পশ্চিমবংগ, বিহাৰ অচল কৰি দিয়াৰ হুংকাৰ সংগঠনটোৰ। ৰৌতাৰ বৰঝাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাবীৰ চিলাৰায় দিৱসৰ মুকলি সভাত এই ঘোষণা KSDCৰ নেতৃত্বৰ। Also Read: বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰউল্লেখ্য যে, বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত পৃথক কমতাপুৰ ৰাজ্য গঠন, জনজাতিকৰণ আৰু KLOৰে শান্তি চুক্তি দাবীত ৰে'ল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল KSDCএ। কিন্তু কেন্দ্ৰীয় চৰকাৰে এসপ্তাহৰ ভিতৰতে আলোচনাৰ আশ্বাস প্ৰদান কৰাত উক্ত কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰিছিল। কিন্তু একমাহৰো অধিক সময় পাৰ হোৱাৰ পিছতো আজিকোপতি আলোচনা নোহোৱাত পুনৰ ক্ষোভিত হৈ পৰিছে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল। আলোচনাৰ নামত প্ৰতিবাৰেই জনগোষ্ঠীটোক কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। এইবাৰ চৰকাৰৰ ললিপপৰ প্ৰতি মোহিত নহৈ ১৫ ফেব্ৰুৱাৰীত সৰ্বাত্মক ৰে'ল পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত সংগঠনটোৰ। সোমবাৰে ৰৌতাৰ বৰঝাৰত অনুষ্ঠিত চিলাৰায় দিৱস উদযাপন কাৰ্যসূচীৰ মুকলি সভাত এই ঘোষণা KSDCৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ। Also Read: মহানগৰীত ভয়ংকৰ দুৰ্ঘটনাঅসম, পশ্চিমবংগ আৰু বিহাৰত ৰে'ল পথ অৱৰোধৰে কেন্দ্ৰীয় চৰকাৰৰ বৰঘৰত কঁপনি তোলাৰ হুংকাৰ। ১৫ ফেব্ৰুৱাৰীৰ ৰে'ল অৱৰোধ কাৰ্যসূচী চৰকাৰৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে বুলিও সকীয়নি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ। আমি মৰিম, মাৰিম কোঁচ ৰাজবংশী জনগোষ্ঠী উদ্ধাৰ কৰিম বুলি পণ লৈ আন্দোলনত অংশগ্ৰহণৰ সিদ্ধান্ত KSDCৰ নেতৃত্বৰ।AdvertismentAdvertisment Read the Next Article