Advertisment

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীকৈ লোকৰ। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী সামাধান বিচাৰিছে ৰাইজে। 

 বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰ Photograph: (DY365)
বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰ Photograph: (DY365)

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীকৈ লোকৰ। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী সামাধান বিচাৰিছে ৰাইজে। 

Advertisment

ৰাজ্যৰ ভিন্নপ্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বাক্সা জিলাৰ বাটাবাৰী ৰেঞ্জৰ অন্তৰ্গত খৈৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকৈ লোকৰ কৰুণ মৃত্যু হয়। পুৱা খৈৰাণী বেলতলত এটা বনৰীয়া হাতীয়ে চলাই সন্ত্ৰাস। বন্যহস্তীৰ আক্ৰমণ মৃত্যু হয় গোবিন্দ মিজাৰ আৰু তেওঁৰ ভাই বোৱাৰী উমি মায়া চাৰকিকৰ। 

Also Read: মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

উল্লেখ্য যে, হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা গোবিন্দ মিজাৰ আৰু উমি মায়া চাৰকিক মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় যদিও গোবিন্দ মিজাৰৰ চিকিৎসালয় পোৱাৰ আগতে মৃত্যুমুখত পৰে। আনহাতে চিকিৎসালয়ত মৃত্যু ঘটে উমি মায়া চাৰকিকৰ। 

বাক্সা জিলাৰ পাগলদীয়া নৈপৰীয়া ভিন্ন অঞ্চলত প্ৰায়ে বনৰীয়া হাতীয়ে চলাই আহিছে সন্ত্ৰাস। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বলি হৈ আহিছে এই অঞ্চলসমূহৰ ৰাইজ। বনবিভাগো ব্যৰ্থ হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ নিয়ন্ত্ৰণত। সেয়েহে স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী সামাধান বিচাৰিছে ৰাইজে। 

Also Read: মিঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ

উল্লেখযোগ্য যে, ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত এক দীৰ্ঘদিনীয়া সমস্যা। এতিয়ালৈকে এই সমস্যা সামাধানৰ বাবে ওলোৱা নাই কোনো স্থায়ী সমাধান। প্ৰতিদিনে পোহৰলৈ আহে হাতী-মানুহৰ সংঘাতৰ ন ন খবৰ। হাতী-মানুহৰ সংঘাতৰ খবৰে নিতৌ দখল কৰে বাতৰিৰ শিৰোণাম। ক'ৰবাত যদি বনৰীয়া হাতীৰ আক্ৰমণত কোনোৱে কৰুণ মৃত্যক আঁকোৱালি ল'ব লগা হৈছে, আন ক'ৰবাত বন্যহস্তীৰ জাকে আপোন ঘৰখন ভাঙিছে, আন ক'ৰবাত আকৌ হাতীৰ জাকে খাই তহিলং কৰিছে খেতিয়কৰ খতিডৰা। ৰাজ্যত হাতী-মানুহৰ সংঘাত দূৰ হ'ব নে সেয়া এতিয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন।

Advertisment
Advertisment